দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত আহিছে এক ডাঙৰ তথ্য। ঘটনা সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিস্ফোৰণ সংঘটিত কৰা বাহনখনৰ গৰাকী মহম্মদ ছলমানক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰশাসনৰ হাতত আহি পৰিছে কেইবাটাও বিস্ফোৰক তথ্য। দিল্লীৰ বিস্ফোৰণৰ পূৰ্বে ফৰিদাবাদত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ বিস্ফোৰক। ফৰিদাবাদত চিকিৎসকৰ ঘৰত উদ্ধাৰ হৈছিল ২৯০০ কেজি বিস্ফোৰক,অস্ত্ৰ-শস্ত্ৰ।এটা এ কে 47 ৰাইফলসহ বুজন পৰিমাণৰ গুলী বাৰুদ উদ্ধাৰ কৰে আৰক্ষীয়ে।
শ্ৰীনগৰত জইছ ঈ মহম্মদৰ সমৰ্থনত পোষ্টাৰ লগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল চিকিৎসকজন। এই ঘটনাৰ পিছতে কাশ্মীৰী চিকিৎসক ডা০ আদিলৰ ঘৰৰ পৰা উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ। চিকিৎসালয়খনত কৰ্মৰত এগৰাকী মহিলাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৰাইফল, সন্দেহজনক বিস্ফোৰক সামগ্ৰী।
দিল্লীৰ ভয়ংকৰ বিস্ফোৰণত ব্যৱহৃত I20 বাহনৰ চালকৰ আসনত আছিল চিকিৎসক ড০ ওমৰ। লালকিল্লা মেট্ৰ ষ্টেশ্যনৰ পৰা বাহনখন চলাই অনাৰ দৃশ্য বন্দী হৈছে চিচিটিভিত। HR 26CE7674 নম্বৰৰ বাহনখনত দেখা গৈছিল সন্ত্ৰাসবাদৰে জড়িত চিকিৎসক ওমৰক।
বিস্ফোৰণৰ পূৰ্বে ৩ ঘণ্টা ধৰি পাৰ্কিং এলেকাত ৰখাই থোৱা হৈছিল বাহনখন। সেইসময়ত গাড়ীখনৰ ভিতৰতে বহি আছিল চিকিৎসক ড০ ওমৰ। এই বিস্ফোৰণ সন্দৰ্ভত UAPA অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।সুৰক্ষা এজেন্সীয়ে তন্ন-তন্নকৈ আৰম্ভ কৰিছে তালাচী অভিযান।
আত্মঘাটী বিস্ফোৰণৰ দিশেৰেও তদন্ত কৰিছে আৰক্ষীয়ে। দৰিয়াগঞ্জ, পাহাৰগঞ্জৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান। বৰ্তমানলৈকে ১৩জন লোকক সোধা-পোছা কৰিছে আৰক্ষীয়ে। সন্দেহজনক বস্তু বা ব্যক্তি দেখিলে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে।











