দিল্লীৰ বিস্ফোৰণৰ পিছতে দেশজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰে’ল ষ্টেচনকে ধৰি অসমৰ ভিন্ন প্ৰান্তত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী।
গুৱাহাটী ৰে’লৱে ষ্টেচনত নিশ্চিদ্ৰ তালাচী চলাইছে আৰক্ষীয়ে। কোনো সন্দেহজনক বস্তু বা ব্যক্তি দেখিলে খবৰ দিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।
মাইকযোগে যাত্ৰীসকলক সজাগ কৰিছে ৰে’লৱে আৰক্ষীয়ে। আন্তৰ্জাতিক আৰু আন্তৰাজ্যিক পহৰা চকীসমূহত ব্যাপক তালাচী চলোৱা হৈছে।
যান বাহনত তন্নতন্নকৈ তালাচী চলাইছে আৰক্ষীৰ দলে। ধুবুৰী আৰু কোকৰাঝাৰ জিলাত তৎপৰ হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন। কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তবৰ্তী শিমূলটাপুতো তালাচী তীব্ৰতৰ কৰা হৈছে।










