No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি পহিলা ব’হাগ। সত্ৰ, নামঘৰ, মন্দিৰত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। অসমীয়া নৱবৰ্ষ তথা ১৪৩৩ ভাস্কৰাব্দৰ প্ৰথম দিন।এই দিনটোত আত্মীয়-স্বজনক বিহুৱান দিয়াৰ লগতে জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়ে। ডেকা- গাভৰুসকলে বিহু গাই আনন্দ-ফূৰ্তি কৰে। অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি সকলোৱে উলহ-মালহেৰে পালন কৰে হেঁপাহৰ বহাগ বিহু বা ৰঙালী বিহু।
- আজি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব সম্ৰাট চৌধুৰীয়ে। দিনৰ ১১ বজাত শপতগ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমবাৰলৈ বিহাৰত অধিষ্ঠিত হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী। মাদ্ৰাছাত মুছলমান ছাত্ৰৰ সৈতে একেলগে অধ্যয়ন কৰিছিল বৰ্তমান বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে।
- জুবিনবিহীন উৰুঙা ব’হাগ। পুৱাই জুবিনক্ষেত্ৰত উপস্থিত শোকাহত গৰিমা শইকীয়া গাৰ্গ। চকুলো টুকি টুকি প্ৰিয় গল্ডীলৈ জনায় ৰঙালীৰ শুভেচ্ছা। লগতে ভগ্নী পামী বৰঠাকুৰে ককায়েকৰ মনত পেলাই উচুপি উঠে। বিহুৰ দিনটোতেই দোষীয়ে যাতে উচিত শাস্তি পায় তাৰেই কামনা কৰিলে পামী বৰঠাকুৰে। তেওঁ কয়, ‘বিহুৰ অনুষ্ঠানক লৈ উদুলি-মুদুলি হৈ থকা ঘৰখনত আজি নিস্তব্ধতা। দাদা নোহোৱাৰ বাবে যিসকলে বিহু আয়োজন কৰা নাই তেওঁলোকলৈ শ্ৰদ্ধা জনাইছো। যিসকলে আয়োজন কৰিছে তেওঁলোককো আদৰণি। নতুন প্ৰজন্মৰ বাবে ব’হাগৰ উৎসৱটি আমি উদযাপন কৰি থাকিব লাগিব।’
- অৰুণাচল প্ৰদেশৰ স্থানৰ ভুৱা নামকৰণক লৈ ভাৰতৰ প্ৰতিবাদৰ পিছতে চীনে আন এক আপত্তিজনক বিবৃতি প্ৰকাশ কৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে অৰুণাচলক জাংনান বুলি উল্লেখ কৰাৰ বিপৰীতে চীনে নিজৰ সাৰ্বভৌমত্বৰ বাবেই এই নাম সলনি কৰিব পাৰে বুলি দাবী কৰে। ১২ এপ্ৰিলত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ নাম সলনি কৰি চীনক উপযুক্ত উত্তৰ দি কয় যে, এনে ভুৱা দাবীয়ে স্থল বাস্তৱতাক সলনি কৰিব নোৱাৰে। অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অবিচ্ছেদ্য অংগ আছিল, আছে, আৰু থাকিব।
No Result
View All Result