অসম তথা সমগ্ৰ দেশবাসীৰ বাবে ভাল খবৰ। কিয়নো প্ৰি-কোৱাৰ্টাৰৰ ৭৫ কেজি শাখাত নৰৱে’ক পৰাস্ত কৰিলে লাভলীনা বৰগোঁহাইয়ে। Round of ১৬ৰ প্ৰথমখন খেলত সুনিভা হফষ্টেডৰ বিৰুদ্ধে জয়লাভ কৰিলে লাভলীনা বৰগোঁহাইয়ে।
বুধবাৰে মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত নৰৱে’ৰ সুনিভা হফষ্টাডৰ বিৰুদ্ধে ১৬ ৰাউণ্ডৰ প্ৰথম খেলত জয়লাভ কৰিলে লাভলীনাই। ন’ৰৱেৰ প্ৰতিদ্বন্দ্বী গৰাকীৰ বিৰুদ্ধে বক্সাৰ গৰাকীয়ে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ লগে-লগে সকলোৱে আশা কৰিছে লাভলীনাই পেৰিছ অলিম্পিকত স্বৰ্ণ পদক জয় কৰক।
উল্লেখ্য যে, ২৬ বছৰীয়া বক্সাৰগৰাকীক পেৰিছ গেমছত পোনপটীয়াকৈ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰত্যক্ষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁয়ে নিজৰ নতুন ওজন শ্ৰেণীত নিজৰ বহুমুখিতা আৰু দক্ষতা প্ৰদৰ্শন কৰে ।