১৭ নৱেম্বৰত পুৱা ছৌদি আৰৱত সংঘটিত হয় এক বৃহৎ পথ দুৰ্ঘটনা, যাৰ ফলত ৪২ জন ভাৰতীয়ৰ মৃত্যু হয়। আটাইকেইজন যাত্ৰী ওমৰাহ কৰিবলৈ চৌদি আৰৱলৈ গৈছিল আৰু মক্কাৰ পৰা মদিনালৈ গৈ আছিল।
বাটত মুফাৰীহাটৰ সমীপত বাছখন ডিজেল টেংকাৰৰ সৈতে খুন্দা মৰাৰ ফলত ব্যাপক অগ্নিকাণ্ডও সংঘটিত হয়। ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
সূত্ৰ অনুসৰি, মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। আটাইকেইজন যাত্ৰী হায়দৰাবাদ আৰু তেলেংগানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি বাছখনত প্ৰায় ২০ গৰাকী মহিলা আৰু ১১ টা শিশু আছিল। দুৰ্ঘটনাৰ সময়ত বহুতে শুই আছিল, যাৰ বাবে তেওঁলোকে পলায়ন কৰিব পৰা নাছিল।
আটাইকেইজন মক্কাত ধৰ্মীয় ৰীতি-নীতি সম্পূৰ্ণ কৰি মদিনালৈ ৰাওনা হৈছিল। দুৰ্ঘটনাস্থলীত জৰুৰীকালীন দল উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। এই মৰ্মান্তিক পথ দুৰ্ঘটনাত ৪২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যুৰ আশংকা।











