এগৰাকী বোৱাৰীৰ আপত্তিজনক ছবি তুলি অপকৰ্ম সংঘটিত কৰিছে এটা পাষণ্ডই। বোৱাৰীৰ অভিযোগৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক।
এই ঘটনা শিলচৰ কনকপুৰৰ। ধৃত যুৱকজনৰ নাম ৰজত দাস ওৰফে মান্না। অভিযোগ অনুসৰি, স্থানীয় এক বোৱাৰী আপত্তিজনক ছবি তুলি যোৱা কেইদিনৰ পৰা বোৱাৰীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰি আহিছিল অভিযুক্ত যুৱকজনে। এই আপত্তিজনক ছবি ভাইৰেল কৰি দিয়াৰ ভয় দেখুৱাই বোৱাৰীগৰাকীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰি আহিছিল যুৱকজনে। দীৰ্ঘদিন ধৰি এইদৰে যুৱকজনৰ অপকৰ্মৰ বলি হৈ থকা ভুক্তভোগী মহিলাগৰাকীয়ে অৱশেষত সাহস কৰি আৰক্ষীৰ কাষ চাপে।
মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে আৰক্ষী চকীত ৰুজু কৰে এক গোচৰ। বোৱাৰীগৰাকীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট যুৱক ৰজত দাসক। বৰ্তমান আৰক্ষীয়ে তেওঁক সোধপোছ চলাই আছে।











