২১ নৱেম্বৰত ডুবাই এয়াৰ শ্ব’ত তেজছ যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ শ্যাল শ্বহীদ হয়। এই মৰ্মান্তিক ঘটনাৰ বিষয়ে তেওঁৰ পিতৃয়ে প্ৰথমে ইউটিউবৰ জৰিয়তে জানিব পাৰিছিল।
হিমাচল প্ৰদেশৰ কংগ্ৰাৰ বাসিন্দা জগন নাথ শ্যালে এয়াৰ শ্ব’ৰ সৈতে জড়িত ভিডিঅ’ চাই থকা অৱস্থাত হঠাতে তেজছৰ দুৰ্ঘটনাৰ খবৰ দেখিছিল আৰু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ’ল।
অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ অধ্যক্ষ জগন নাথ শ্যালৰ মতে, তেওঁ পুত্ৰৰ সৈতে আগদিনা কথা পাতিছিল। নমাংশে তেওঁক টিভি বা ইউটিউবত তেওঁৰ এয়াৰ শ্ব’ চাবলৈ কৈছিল। পিতৃয়ে কয় যে, বিয়লি প্ৰায় ৪ বজাত ভিডিঅ’ বিচাৰি থাকোঁতে তেওঁ দুৰ্ঘটনাৰ খবৰ পাইছিল।
কিছু সময়ৰ পাছতে বায়ুসেনাৰ ৬জনকৈ বিষয়া তেওঁৰ ঘৰত উপস্থিত হোৱাত তেওঁ অনুমান কৰিছিল যে কিবা এটা গুৰুতৰ ঘটিছে। বৰ্তমান কইম্বাটুৰত আছে নমাংশৰ পৰিয়াল। পত্নীয়ে কলকাতাত প্ৰশিক্ষণ লৈ থকাৰ বিপৰীতে পিতৃ-মাতৃয়ে বিগত দুসপ্তাহ ধৰি ৭ বছৰীয়া নাতিনী আৰিয়াক চোৱা-চিতা কৰি আছে।
নমাংশ শ্যালৰ সৈতে এই দুৰ্ঘটনাটো হোৱাৰ ফলত পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে। গভীৰ স্তম্ভিত হৈ পৰিছে তেওঁৰ মাতৃ বীনা শ্যাল। বিষয়াসকলে পৰিয়ালটোক জনাইছে যে, নমাংশৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়াত প্ৰায় ২ দিনৰ সময় লাগিব পাৰে।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে নমাংশক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ডুবাই এয়াৰ শ্ব’ত তেজছৰ দুৰ্ঘটনাত সাহসী পুত্ৰ নমাংশ শ্যালৰ শ্বহীদ হোৱাটো অতিকৈ মৰ্মান্তিক।











