বলিউডৰ যশস্বী অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। বিগত কিছুদিন ধৰি জুহুৰ ঘৰত চিকিৎসাধীন হৈ আছিল তেওঁ।
পুত্ৰ ছানী দেউলে মুখাগ্নি কৰিলে অভিনেতাগৰাকীৰ।আৰক্ষী বাহিনীৰ উপৰিও প্ৰায় ৫০ জনীয়া ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ এটা দলো ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত উপস্থিত আছে। ঘৰৰ বাহিৰত নিৰাপত্তা কটকটীয়া কৰা হৈছে। পৰিয়ালৰ সদস্যৰ লগতে বলীউডৰ বহু অভিনেতাক ধৰ্মেন্দ্ৰৰ ঘৰলৈ অহা দেখা গৈছে।











