চীনৰ চাংহাই বিমানবন্দৰত উত্তৰ পূৱৰ যুৱতীক যথেষ্ট হাৰাশাস্তি কৰা হয়। ব্ৰিটেইনত বাস কৰা অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাই অভিযোগ উত্থাপন কৰে যে, চীনৰ চাংহাই বিমানবন্দৰত তেওঁৰ ভাৰতীয় পাছপ’ৰ্ট অস্বীকাৰ কৰাৰ লগতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আটক কৰি ৰাখি তেওঁক হাৰাশাস্তি দিয়ে।
মহিলাগৰাকীয়ে কয় যে, তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশ বুলি তালিকাভুক্ত হোৱাৰ বাবে বিমানবন্দৰৰ বিষয়াসকলে পাছপ’ৰ্টখন “বৈধ” ঘোষণা কৰি কয় যে “অৰুণাচল প্ৰদেশ চীনৰ অংশ”। গতিকে তেওঁৰ এই পাছপ’ৰ্ট বৈধ নহয়।
২১ নৱেম্বৰত লণ্ডনৰ পৰা জাপানলৈ যোৱাৰ সময়ত ছাংহাই পুডং বিমানবন্দৰত ৩ ঘণ্টাৰ ট্ৰেনজিট সময় আছিল। অভিযোগ অনুসৰি তেওঁৰ পাছপ’ৰ্ট দেখাৰ লগে লগে ইমিগ্ৰেচন কাউণ্টাৰৰ বিষয়াসকলে এই পাছপ’ৰ্টক অবৈধ বুলি ঘোষণা কৰে কিয়নো তেওঁৰ তালিকাভুক্ত জন্মস্থান অৰুণাচল প্ৰদেশ। কিয় বুলি সোধাত তেওঁক কোৱা হ’ল যে, অৰুণাচল প্ৰদেশ চীনৰ অংশ, গতিকে তেওঁৰ পাছপ’ৰ্ট অবৈধ।
যুৱতীগৰাকীয়ে দাবী কৰে যে, তেওঁৰ পাছপ’ৰ্ট ঘূৰাই দিয়াৰ পূৰ্বে ‘চাইনা ইষ্টাৰ্ন’ৰ জৰিয়তে নতুন টিকট কিনিবলৈ বাৰে বাৰে হেঁচা দিয়া হৈছিল। এই সময়ছোৱাত তেওঁ টিকট পুনৰ বুকিং কৰিব নোৱাৰিলে, টাৰ্মিনেল সলনি কৰিব নোৱাৰিলে, আনকি খাদ্যও নোখোৱাকৈ যাবলগীয়া হয়। বিমান সেৱা মিছ কৰা আৰু হোটেলৰ বুকিং বাতিল হোৱাৰ ফলত তেওঁৰ আৰ্থিক লোকচানো হয়।
কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ পিছত ব্ৰিটেইনত থকা বন্ধু এজনৰ সহায়ত ছাংহাইত থকা ভাৰতীয় বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ভাৰতীয় বিষয়াই হস্তক্ষেপ কৰি গভীৰ নিশাৰ বিমানত নমাই দিয়ে।











