মীৰুটৰ কুখ্যাত সৌৰভ ৰাজপুত হত্যাকাণ্ডৰ ঘটনাটো সকলোৰে মনত আজিও সজীৱ হৈ আছে। বৰ্তমান এই হত্যাকাণ্ড সন্দৰ্ভত এক নতুন তথ্য পোহৰলৈ আহিছে। ২৪ নৱেম্বৰৰ সন্ধিয়া মুস্কান ৰাষ্টোগীয়ে কন্যা সন্তান জন্ম দিয়াৰ ফলত নৱজাতটিৰ পিতৃ পৰিচয়ক লৈ বিতৰ্কৰ সৃষ্টি হয়।
ইফালে সৌৰভৰ পৰিয়ালে কণমানিটিৰ ডিএনএ টেষ্টৰ দাবী জনাইছে। ছোৱালীজনীৰ জন্মৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে এই সমগ্ৰ বিষয়টো আকৌ এবাৰ তদাৰকীৰ আওতালৈ আহে। ইতিমধ্যে তদন্তত ইতিমধ্যে প্ৰকাশ পাইছে যে মুস্কানৰ প্ৰেমিক চাহিলৰ সৈতে অবৈধ সম্পৰ্ক আছিল। দুয়োৰে বিৰুদ্ধে সৌৰভ হত্যাকাণ্ডৰ ষড়যন্ত্ৰ আৰু সম্পন্ন কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ফলত এতিয়া শিশুটিৰ পিতৃ পৰিচয়ক লৈ এক তীব্ৰ বিবাদৰ সৃষ্টি হৈছে।
সৌৰভৰ পৰিয়ালে উল্লেখ কৰিছে যে যদি সন্তানটো তেওঁলোকৰ পুত্ৰৰ হয়, তেন্তে তেওঁলোকে সন্তানটোৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব, কিন্তু যদিহে এই সন্তানটো সাহিলৰ হয়, তেন্তে তেওঁলোকে শিশুটিৰ দ্বায়িত্ব ল’ব নোৱাৰে। সত্য উন্মোচনৰ বাবে ডিএনএ টেষ্টৰ দাবী জনাইছে পৰিয়ালটোৱে।
এই সমগ্ৰ ঘটনা এটা কাকতলীয়া ঘটনাৰ বাবে আৰু অধিক আৱেগিক হৈ পৰিছে। ২৪ নৱেম্বৰত সৌৰভ ৰাজপুতৰ জন্মদিন আছিল, আকৌ সেইদিনায়েই মুস্কানে কন্যা সন্তানটি জন্ম দিছিল। পৰিয়ালটোৱে ইয়াক ভাগ্যৰ খেল বুলি অভিহিত কৰিছে যদিও এই জন্মৰ প্ৰকৃত অৰ্থক লৈও প্ৰশ্ন বাঢ়িছে।
ইফালে আকৌ শিশুটি যদিহে চাহিলৰ হয় তেন্তে কোনে ডাঙৰ-দীঘল কৰিব ইয়াক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে। যিহেতু চাহিলৰ আইতাকৰ বাহিৰে আন কোনো নাই। গতিকে আইতাকক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, তেওঁ যথেষ্ট অসহায়; শিশুটিৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। তেওঁ মুস্কানক চিনি নাপায়। এই সম্পূৰ্ণ বিষয়টোৰ পৰা তেওঁ নিজকে আঁতৰাই ৰাখিছে।
উল্লেখ্য যে, সৌৰভ ৰাজপুত হত্যাকাণ্ডৰ ঘটনাটো ২০২৫ চনৰ মাৰ্চ মাহত পোহৰলৈ আহে। আৰক্ষীৰ তদন্তত মুস্কান আৰু চাহিলে সৌৰভক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি জানিব পৰা গৈছে। মৃতদেহটো কেইবাটাও টুকুৰা কৰি নীলা ৰঙৰ প্লাষ্টিকৰ ড্ৰাম এটাত ভৰাই চিমেণ্টেৰে ঢাকি দিছিল অভিযুক্তই। হত্যাকাণ্ডৰ পিছত দুয়োজনে আনকি ফুৰিবলৈও গৈছিল, ইফালে মুস্কানে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ নিৰুদ্দেশৰ হোৱাৰ ভাও ধৰিছিল।











