চিনেমা চিনেমা লগা এক কাহিনী। ফিল্মী ষ্টাইলেৰে চোৰে উঠাই নিয়ে নগদ ধনেৰে ভৰ্তি বেংকৰ ATM মেচিন। খবৰ পোৱা গৈছে যে এই চুৰিকাৰ্যৰ সময়ত ATM মেচিনত প্ৰায় ৭ লাখ টকা আছিল।
অপৰাধ সংঘটিত কৰাৰ পূৰ্বে অপৰাধীকেইটাই চিচিটিভি কেমেৰাৰ লেন্সত স্প্ৰে কৰি চিনাক্তকৰণ ৰোধ কৰিছিল। পুৱা আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হয়, তাৰ পিছতে আৰক্ষী আৰু ফৰেনছিক দলে তদন্ত আৰম্ভ কৰে।
২৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হয় এই ঘটনা। চোৰে উঠাই নিয়ে নগদ ধনেৰে ভৰ্তি পঞ্জাৱ নেচনেল বেংকৰ এটি ATM মেচিন। আৰক্ষীয়ে এতিয়া অপৰাধস্থলীৰ সমীপত স্থাপন কৰা আন চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি অপৰাধীক লৈ নতুন সূত্ৰ লাভ কৰিছে। মোৰাদাবাদৰ চিভিল লাইনছ থানা এলেকাৰ ফাউণ্টেইন চ’কৰ সমীপত এই ঘটনা সংঘটিত হয়।
২৫ নৱেম্বৰৰ পুৱা ১০ বজাত বেংকৰ কৰ্মচাৰী আহি উপস্থিত হোৱাৰ লগে লগে ATM কক্ষৰ পৰা মেচিনটো নোহোৱা হোৱা বুলি আৱিষ্কাৰ কৰে। লগে লগে আৰক্ষীক খবৰ দিয়া হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হয় চি অ’ ক্ৰাইম বৰুণ কুমাৰ আৰু এছ এইচ অ’ চিভিল লাইনছ মনীষ ছাক্সেনা। তদন্ত আৰু প্ৰমাণ সংগ্ৰহৰ বাবে ফৰেনছিক বিভাগৰ ফিল্ড ইউনিটক মাতি অনা হয়।
বেংকৰ বিষয়াসকলে আৰক্ষীক জনোৱা মতে, সোমবাৰে ATMত নগদ ৮ লাখ টকা জমা হৈছিল, ইয়াৰে গ্ৰাহকে প্ৰায় এক লাখ টকা উলিয়াইছিল। নিৰুদ্দেশ হোৱা ATMটোত প্ৰায় ৭ লাখ টকাৰ নগদ ধন আছিল। এই ঘটনাত আতংকিত হৈ পৰিছে বেংক আৰু আৰক্ষী বিষয়াসকল। বিষয়াসকলৰ মতে, ইয়াৰ পূৰ্বেও গলশ্বাহীদ অঞ্চলৰ ATM মেচিন ভাঙি দুষ্কৃতিকাৰীয়ে চেষ্টা চলাইছিল। ইয়াৰ পিছতে লোকো শ্বেড দলঙৰ সমীপৰ এটা ATM কো লক্ষ্য কৰি লয়।











