উত্তৰ প্ৰদেশত নৱৰাত্ৰি আৰু শাওণ মাহত মাংসৰ দোকান বন্ধ হৈ থাকে। কিন্তু বাৰাণসীৰ পৌৰ নিগমত ২৫ নৱেম্বৰত মঙলবাৰেও মাছ-মাংসৰ দোকান বন্ধ হৈ থাকে। দৰাচলতে ২৫ নৱেম্বৰত বাৰাণসীৰ সাধু টি.এল. বাসৱানীৰ জন্মদিন আছিল। যাৰ বাবে সমগ্ৰ পৌৰসভাই মাছ-মাংসৰ বিক্ৰীত বন্ধ কৰে। এই সময়ছোৱাত মহানগৰীৰ মাংসৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে।
তথ্য অনুসৰি ২৫ নৱেম্বৰত সাধু টি.এল. বাছৱানীৰ জন্মদিনটো অহিংসা দিৱস হিচাপে পালন কৰা হয়। এই সময়ছোৱাত বাৰাণসী পৌৰ নিগমৰ সীমাৰ ভিতৰত থকা সকলো মাছ-মাংসৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হয়। এই নিৰ্দেশ জাৰি কৰিছে পশু কল্যাণ বিষয়া ড° সন্তোষ পালে। এই দিনটোক অহিংসা দিৱস হিচাপে পালন কৰাৰ বাবে পশু হত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল।
এই নিৰ্দেশ উলংঘা কৰিলে নিয়ম অনুসৰি আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলি স্পষ্ট নিৰ্দেশনাও দিয়া হয়। মাংস বিক্ৰেতাসকলেও এই পৌৰসভাৰ আদেশক সামূহিকভাৱে গ্ৰহণ কৰে। এই আদেশৰ প্ৰতি কোনেও অৱজ্ঞা কৰা নাছিল বাৰাণসীত।











