এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ অসমবাসী। অসম বিধানসভাত গৃহীত হ’ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক। দীৰ্ঘ বিতৰ্কৰ অন্তত গৃহীত হয় এই বিধেয়কখন। মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে বৈবাহিক সম্পর্কৰ বিশ্বাসযোগ্যতা বর্তাই ৰখাৰ আজি বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত হয়।
২৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সদনত উত্থাপন কৰিছিল। ইয়াৰ পিছত ২৭ নৱেম্বৰত এই বিধেয়ক পাৰিত হয়।
এই বিধেয়ক অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এই বিধেয়ক আইনত পৰিণতি হ’লে অপৰাধীক বিভিন্ন শাস্তি বিহা হ’ব।
নাৰীক সুৰক্ষা দিয়াৰ উদ্দেশ্যেৰে বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত হয়। এই বিধেয়কখন আইনত পৰিণত হ’লে কোনো ব্যক্তিয়ে প্ৰথম বিবাহক আইনগতভাৱে ভংগ নকৰাকৈ দ্বিতীয় বিবাহ কৰাব নোৱাৰিব। অৰ্থাৎ এজন ব্যক্তিৰ এগৰাকীতকৈ বেছি পত্নী থাকিব নোৱাৰিব। এনে কৰিলে কঠোৰ শাস্তি বিহা হ’ব। অৱশ্যে বিটিচি আৰু আন কিছুমানৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব।
জানো আহক ২য় বিবাহ কৰালে কি কি শাস্তিৰ সন্মুখীন হ’ব অপৰাধী-
- প্রথম বিবাহক গোপনে ৰাখি পুনৰ সংসাৰ কৰোঁতাক জৰিমনাসহ ১০ বছৰ জে’ল
- প্রথমা পত্নী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড
- অপৰাধৰ পুনৰাবৃত্তিত লিপ্ত হ’লে পৰৱৰ্তী প্ৰতিটো অপৰাধৰ বাবে ভুগিব লাগিব দুগুণ শাস্তি
- বহুবিবাহত সহযোগ কৰা পিতৃ-মাতৃ, গাঁওবুঢ়া কাজীয়ে দিব লাগিব ১ লাখ টকাৰ জৰিমনা-দুবছৰৰ কাৰাবাস
- আইন উলংঘাৰে বহুবিবাহ কৰালে ১.৫০ লাখ টকা পর্যন্ত জৰিমনাসহ ২ বছৰ জে’ল
- অপৰাধীৰ ক্ষেত্ৰত ৩ বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে জে’ল
- মৌলানাৰ ক্ষেত্ৰত ৫ বছৰ পৰ্যন্ত কাৰাবাস
- গাঁও প্ৰধানৰ ক্ষেত্ৰত ৩ বছৰ কাৰাবাস বিহা হ’ব
- এবাৰতকৈ অধিক বিয়া পাতিলে চৰকাৰী চাকৰিয়ালে হেৰুৱাব চাকৰি
- এগৰাকীতকৈ অধিক পত্নী থাকিলে নাপাব চৰকাৰী আঁচনিৰ সুবিধান
- অধিক পত্নী থাকিলে স্থানীয় নিৰ্বাচনতো অংশগ্ৰহণ কৰিব নোৱাৰিব
- বহু বিবাহ হিন্দু, খ্ৰীষ্টান, মুছলমান সকলোৰে মাজত বন্ধ হ’ব
এই আইনখন মুছলমানবিৰোধী নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।বহুবিৰোধী বিধেয়কৰ জৰিয়তে মুছলমান মহিলাই জীয়াই থকাৰ অধিকাৰ লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।











