পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ নোকুণ্ডি অঞ্চলৰ ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে আত্মঘাতী আক্ৰমণ। ৰেকো ডিক আৰু সন্দাক খনন প্ৰকল্পৰ সৈতে জড়িত বিদেশী বিশেষজ্ঞ, অভিযন্তা আৰু কৰ্মচাৰীৰ কাম আৰু থকাৰ বাবে নিৰ্মিত চৌহদত এই আক্ৰমণ সংঘটিত হয়।
৩০ নৱেম্বৰত নিশা প্ৰায় ৯ বজাত এটা বেলুচ বিদ্ৰোহী দলে আক্ৰমণ চলাইছিল। খবৰ অনুসৰি, বেলুচ বিদ্ৰোহী গোটে প্ৰথমে এফ চিৰ মুখ্য কাৰ্যালয়ৰ ওচৰৰ এই স্পৰ্শকাতৰ চৌহদত ৫ টাকৈ বৃহৎ বিস্ফোৰণ সংঘটিত কৰে আৰু তাৰ পিছত নিৰাপত্তা বাহিনীক গুলীচালনা কৰে।
এই আত্মঘাতী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে আৰু বিএলএফৰ মুখপাত্ৰ মেজৰ ঘ্ৱাৰাম বালোচে এক বিবৃতিযোগে কয় যে বিএলএফৰ সাধো অপাৰেচনেল বেটেলিয়ন ( এছ অ’ বি) ইউনিটে এই আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণৰ লক্ষ্য হৈছে এখন স্পৰ্শকাতৰ চৌহদ য’ত পাকিস্তান চৰকাৰে খনন প্ৰকল্পৰ সৈতে জড়িত বিদেশী বিশেষজ্ঞ, অভিযন্তা, কৰ্মচাৰীৰ বাবে কাম আৰু থকাৰ ব্যৱস্থা কৰিছে।
বেলুচ বিদ্ৰোহী সংগঠন আৰু পাকিস্তানী সেনাৰ সংঘৰ্ষত মৃত্যু হোৱা লোকৰ আনুষ্ঠানিক সংখ্যা বৰ্তমানেও জানিব পৰা হোৱা নাই। কিন্তু পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চাগাই জিলাৰ অন্তৰ্গত বেলুচিস্তানৰ নোকুণ্ডি অঞ্চলত সকলো চিকিৎসালয়তে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। এই আক্ৰমণৰ আটাইতকৈ গুৰুতৰ দিশটো হ’ল এইটোৱেই সেই একেটা ক্ষেত্ৰ যিটোক পাকিস্তান চৰকাৰে বিশ্বজুৰি নিজৰ “সৰ্বাধিক নিৰাপদ” বিদেশী বিনিয়োগ প্ৰকল্প হিচাপে প্ৰচাৰ কৰি আহিছে।
মন কৰিবলগীয়া যে, সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা পাকিস্তানে বৰ্তমান নিজৰ পৃষ্ঠপোষকতাত থকা সন্ত্ৰাসবাদীৰ বাবে এক বৃহৎ সংকটৰ সন্মুখীন হৈছে। ইয়াৰ পূৰ্বে ২৪ নৱেম্বৰত পেছাৱাৰৰ এফ চিৰ মুখ্য কাৰ্যালয়ত একেধৰণৰ আত্মঘাতী আক্ৰমণ সংঘটিত হৈছিল, যাৰ বাবে তেহৰিক-ই- তালিবান পাকিস্তানৰ প্ৰক্সি গ্ৰুপ জামাত-উল-আহৰাৰে দায়িত্ব স্বীকাৰ কৰিছিল। তদুপৰি বিগত ১০ দিনত পাকিস্তানী সেনাই নিহত কৰা ৩০ জন সন্ত্ৰাসবাদীৰ ভিতৰত বাহাৱালপুৰৰ আবু দুজানা ওৰফে আলী হামদান আৰু প’কেৰ মহম্মদ হাৰিছ নামৰ দুজন সন্ত্ৰাসবাদীক পাকিস্তানী সেনা আৰু আইএছআই সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে ভাৰতত সন্ত্ৰাসবাদৰ বাবে প্ৰশিক্ষণ দিছিল। অৱশ্যে দুবছৰ পূৰ্বে তেওঁলোকে টিটিপিত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকক প্ৰশিক্ষণ দিয়া পাকিস্তানী সেনাবাহিনীকেই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে ৩০ বছৰ ধৰি পাকিস্তানে বিশ্বলৈ ৰপ্তানি কৰিবলৈ সাজু হৈ থকা সন্ত্ৰাসবাদ এতিয়া ডাঙৰ ভাবুকি হৈ পৰিছে বুলি ক’লে ভুল নহ’ব।











