অসম-মেঘালয় সীমান্তত পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসমৰ মহিলাক আক্ৰমণ কৰে মেঘালয়ৰ একাংশ মহিলাই।
বশিষ্ঠৰ পিলিংকাটাত তীব্ৰ সংঘাত। অন কেমেৰা মেঘালয়ৰ মহিলাই প্ৰহাৰ কৰে অসমীয়া মহিলাক। হাতে-হাতে দা, বাঁহ লৈ মেঘালয়ৰ একাংশ মহিলাই আক্ৰমণ কৰে অসমৰ মহিলাক।
মেঘালয়ৰ ভূমিত থকা এখন ফলকৰ লিখনি মচি দিয়াক লৈ সংঘাটৰ সৃষ্টি হয়। ক’লা ৰঙেৰে ফলক মচি দিয়াক লৈ সংঘাতৰ সূত্ৰপাত হয়। ঘটনাস্থলীত দুয়ো ৰাজ্যৰ আৰক্ষী-প্ৰশাসন উপস্থিত হয়।











