প্ৰায় ডেৰ-দুই দশকৰ অন্তত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত উৰুওৱা হ’ব চিলা। চৰকাৰে বসন্ত উৎসৱৰ সময়ত চিলা উৰণৰ অনুমতি দিছে। এইক্ষেত্ৰত অৱশ্যে চৰকাৰে অতি কঠোৰ নিয়ম বান্ধি দিছে। পঞ্জাৱৰ ৰাজ্যপাল চৰ্দাৰ চেলিম হাইদৰে স্বাক্ষৰ কৰে এই নিৰ্দেশত।
এই সিদ্ধান্তই পঞ্জাৱৰ সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰা পুনৰুজ্জীৱিত কৰিব বুলি আশা কৰা হৈছে। চৰকাৰে স্পষ্ট কৰি দিছে যে এতিয়া পঞ্জাৱত চিলা উৰণৰ অনুমতি দিয়া হৈছে, কিন্তু কেৱল প্ৰতিষ্ঠিত নিয়ম আৰু সুৰক্ষাৰ মানদণ্ডৰ অধীনতহে। সংস্কৃতি সংৰক্ষণ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আইন উলংঘা কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।
নতুন আইন অনুসৰি নিয়ম উলংঘাকাৰীক নূন্যতম ৩ বছৰ আৰু সৰ্বাধিক ৫ বছৰৰ কাৰাদণ্ডৰ লগতে ২০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। সন্দেহজনক স্থান আৰু ঘৰত তালাচী চলাবলৈও আৰক্ষীক অনুমতি দিয়া হৈছে আৰু এই আইনৰ অধীনত পঞ্জীয়ন হোৱা গোচৰত কোনো জামিন দিয়া নহ’ব।
লগতে এইয়াও কোৱা হৈছে যে, ১৮ বছৰৰ তলৰ শিশুৱে চিলা উৰুৱাব নোৱাৰিব। যদি কোনো নাবালকে প্ৰথমবাৰৰ বাবে চিলা উৰুৱাই ধৰা পৰে, তেন্তে তেওঁলোকক ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব আৰু দ্বিতীয়বাৰৰ বাবে উলংঘা কৰিলে জৰিমনা ১ লাখলৈ বৃদ্ধি পাব। যদিহে জৰিমনা আদায় নিদিয়ে, তেন্তে শিশুটিৰ অভিভাৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।











