ইণ্ডোনেছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত ১৬ জনকৈ লোক নিহত। ২২ ডিচেম্বৰত স্থানীয় সময় অনুসৰি মাজনিশাৰ আশে-পাশে ৩৪ গৰাকীকৈ যাত্ৰী কঢ়িয়াই অনা এখন বাছে পকী বাধাৰ সৈতে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
এই দুৰ্ঘটনাত ১৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। অনুসন্ধান আৰু উদ্ধাৰ সংস্থাৰ মুৰব্বী বুডিঅ’নোৱে জনোৱা মতে, বাছ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে কংক্ৰিটৰ বাধাত খুন্দা মাৰি ওলোটা হৈ পৰে।
আৰক্ষীয়ে জনোৱা মতে, বাছখন ৰাজধানী জাকাৰ্টাৰ পৰা প্ৰাচীন ৰাজকীয় চহৰ যোগাকাৰ্টালৈ গৈ আছিল। দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বুডিঅ’নোৱে কয় যে, এই আঘাতৰ বলৰ বাবে বহু যাত্ৰী বাহিৰলৈ ওলাই আহি বাছৰ ভিতৰত আৱদ্ধ হৈ পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৪০ মিনিট পিছত আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ৬ জনৰ মৃতদেহ উদ্ধাৰ কৰে। বুডিঅ’নোৱে কয় যে, চিকিৎসালয়লৈ যোৱাৰ পথত বা চিকিৎসাৰ সময়ত আৰু ১০ জন লোকৰ মৃত্যু হয়।










