সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি মুকলি হ’ব বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। প্ৰকল্প মুকলি অনুষ্ঠানত অংশ ল’ব প্ৰায় ১৫০ গৰাকী সত্ৰাধিকাৰে। সমাৱেশ ঘটিব ভিন্ন প্ৰান্তৰ ৬০ হাজাৰ ভকত-বৈষ্ণৱৰ। লগতে কেন্দ্ৰীয় মন্ত্ৰীয়ে উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়।
- ভাৰতৰ ভিতৰত আটাইতকৈ বিকশিত ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে শীর্ষস্থানত জিলিকিছে অসম। অসম হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দ্রুতগতিত বিকশিত ৰাজ্য। ৫ বছৰত বিকাশৰ হাৰ ৪৫ শতাংশ। অসমৰ GSDP ৩.৫ লাখ কোটি লৈ বৃদ্ধি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশিত এই তথ্য।
- বিশাখাপট্টনমত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড। টাটানগৰ-এৰ্নাকুলাম এক্সপ্ৰেছত এই অগ্নিকাণ্ড সংঘটিত হয়। জুয়ে আৱৰি ধৰে ৰে’লখনৰ দুটাকৈ AC ডবা। অগ্নিকাণ্ডত এজন ৰে’লযাত্ৰীৰ মৃত্যু হয়। পুৱতি নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা।
- আজি হাজাৰ হাজাৰ মুছলমানে কঁপাব দিল্লী।নিৰাপত্তাৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত বৃহৎ প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ। বাংলাদেশী, মিঞাৰ নামত অসমত মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীৰে প্ৰতিবাদ কৰিব মুছাই। বাংলাদেশীৰ নামত উচ্ছেদিত লোকক হাৰাশাস্তি কৰাৰ অভিযোগ দিয়ে। লগতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকসকল অসমৰ পৰা যাবই লাগিব দাবী কৰে।
- উপসাগৰীয় অঞ্চলত চীনে নিজৰ সামৰিক উপস্থিতি আৰু কৌশলগত প্ৰভাৱ ক্ৰমাগতভাৱে শক্তিশালী কৰি তুলিছে। এই প্ৰেক্ষাপটত চীন আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ মাজত ফেলকন শ্বিল্ড-২০২৫ যৌথ বিমান অনুশীলন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ৯ৰ পৰা ২২ ডিচেম্বৰৰ ভিতৰত ইউ এ ইত সফলতাৰে অনুষ্ঠিত হোৱা এই বৃহৎ পৰিসৰৰ সামৰিক অনুশীলনে প্ৰথমবাৰৰ বাবে চীনৰ পিপলছ লিবাৰেচন আৰ্মী বায়ুসেনাই উপসাগৰীয় দেশখনত নিজৰ কেইবাখনো ফ্ৰণ্টলাইন যুঁজাৰু আৰু সহায়ক বিমান নিয়োগ কৰিছিল।










