No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি মুছলমান লোকসকলৰ ঈদ-উল-আজহা। মছজিদ, ঈদগাহত সমূহীয়া নামাজ অংশগ্ৰহণ মুছলমানৰ।বিশ্ব শান্তিৰ বাবে আজি দোৱা আদায় মুছলমানৰ। শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে মুছলমান সমাজে। আকৌ প্ৰথমবাৰৰ বাবে মুছলমান সমাজৰ গো কোৰবাণী নিদিয়াৰ সিদ্ধান্ত। জিলাই জিলাই গো ধনৰ কোৰবাণী নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ। হিন্দু সমাজৰ প্ৰতি সন্মান জনাই মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত।
- ৰাজ্যত গৃহীত হ’ল UCC বিধেয়ক। এই বিধায়ক গৃহীত হ’লে বিবাহ, লিভ ইন ৰিলেশ্বনশ্বীপৰ বাবে ৰাজ্যত প্ৰযোজ্য হ’ব কঠোৰ আইন। এই নিয়ম নামানিলেই বিহা হ’ব কাৰাদণ্ডৰ লগতে জৰিমনা। লিভ-ইন-ৰিলেশ্যনশ্বীপত থাকিলে এমাহৰ ভিতৰত পঞ্জীয়ন কৰাটো হ’ব বাধ্যতামূলক। লিভ-ইনত থাকিলে উপ-পঞ্জীয়কক অৱগত কৰিব লাগিব। উপ-পঞ্জীয়কক লিভ-ইন-ৰিলেশ্যনশ্বীপৰ তথ্য নিদিলে বিপদ নিশ্চিত।
- এতিয়াৰে পৰা পৰকীয়া প্ৰেমত লিপ্ত হ’লেই যাব লাগিব জেললৈ। কেৱল পুৰুষেই নহয়, মহিলাকো বিহা হ’ব কঠোৰ শাস্তি। এজন স্বামী থকাৰ পিছত অন্য যুৱকৰ সৈতে প্ৰেম কৰিব নোৱাৰিব। বিবাহিতা মহিলাই অন্য যুৱকৰ সৈতে লিভ-ইনত থাকিব নোৱাৰিব। পৰপুৰুষৰ সৈতে চলি থকা বিবাহিতা মহিলাৰ প্ৰেম সম্পূৰ্ণ অবৈধ। UCCৰ অধীনত ঘৰত স্বামী,বাহিৰত প্ৰেমিক এইবোৰ নচলিব। কেৱল মুছলমানৰেই নহয় হিন্দুৰো আছে বহুগামিতা। UCCৰ আওঁতাত আহিব হিন্দু পুৰুষ-মহিলাও। বিধানসভাত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- ইৰানৰ শক্তি দেখি পিছুৱালে আমেৰিকা। আমেৰিকাৰ জাহাজত ইৰানৰ ভয়ংকৰ গুলীবৰ্ষণ। উপায়হীন হৈ অৱশেষত পলাল আমেৰিকাৰ জাহাজ। ষ্ট্ৰেইট অৱ হৰমুজত সমুখ-সমৰত আমেৰিকা-ইৰান। হৰমুজত আমেৰিকাৰ টেংকাৰক খেদি পঠিয়ালে IRGC-এ। ৰাডাৰ ছিষ্টেম বন্ধ কৰি হৰমুজ অতিক্ৰম কৰাৰ চেষ্টা চলাইছিল আমেৰিকাৰ টেংকাৰখনে। সেইসময়তে ইৰানী সেনাই আক্ৰমণ কৰিলে আমেৰিকাৰ টেংকাৰত।
No Result
View All Result