আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। তেলেংগানাৰ মাহবুবাবাদ জিলাৰ ২ গৰাকী যুৱতীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। নিহত লোক দুজনৰ নাম পুল্লাখণ্ডু মেঘনা ৰাণী (২৪) আৰু কাদিয়ালা ভৱনা (২৪)। দুয়োজনে শেহতীয়াকৈ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি আমেৰিকাত চাকৰি বিচাৰিছিল।
খবৰ অনুসৰি, মেঘনা আৰু ভৱনাই দুখন পৃথক গাড়ীত ৮ জন বন্ধুৰ সৈতে কেলিফৰ্ণিয়ালৈ গৈ আছিল। তেলেংগানা আৰু অন্যান্য খবৰ অনুসৰি আলাবামা হিলছ ৰোডৰ এটা টাৰ্ণত তেওঁলোকৰ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। দুয়োৰে থিতাতে মৃত্যু হয়। ইতিমধ্যে আমেৰিকা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
পৰিয়ালটোৱে জনোৱা মতে, মেঘনাৰ পিতৃ নাগেশ্বৰ ৰাৱে গড়লাত মী-সেৱা কেন্দ্ৰ চলায়, আনহাতে ভৱনাৰ পিতৃ মুলকানুৰ গাঁৱৰ উপ-সভাপতি। দুয়োটা পৰিয়ালে এতিয়া মৃতদেহক ভাৰতলৈ ঘূৰাই অনাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সহায়ৰ বাবে আবেদন জনাইছে।










