No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- সৰ্বত্ৰ নতুন ইংৰাজী বৰ্ষ ২০২৬ক আদৰাৰ প্ৰস্তুতি।আজি ৩১ ডিচেম্বৰ, ২০২৫ চনৰ শেষৰটো দিন। মাজত মাথোঁ কিছু ক্ষণ। মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে সামৰণি পৰিব অভিশপ্ত ২০২৫ৰ। ২০২৬ক আদৰিবলৈ সাজু সমগ্ৰ দেশৰ লগতে ৰাজ্যৱাসী। নতুন বৰ্ষটো সকলোৰে বাবে মংগলময় হওঁক।
- গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। বিগত তিনি দিন ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। পুহমহীয়া জাৰত যথেষ্ঠ কষ্ট কৰি বিদ্যালয়লৈ যাব লগা হৈছে শিক্ষক-শিক্ষাৰ্থী। যাৰ বাবে শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ। ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব কামৰূপ (মহানগৰ) জিলাৰ চৰকাৰী বিদ্যালয়। কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে। ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
- ইজৰাইল-হামাছ যুদ্ধৰ অগ্নি বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই। এইবাৰ পশ্চিম এছিয়াৰ ২ খন ডাঙৰ দেশৰ মাজত বৃদ্ধি হৈছে উত্তেজনা। য়েমেনৰ মুকাল্লা বন্দৰত ছৌদি আৰবে বিমান আক্ৰমণ চলায়। ছৌদি আৰবে অভিযোগ কৰিছে যে, এই দুখন জাহাজ য়েমেনৰ বিদ্ৰোহী সংগঠনৰ বাবে ইউ এ ই (সংযুক্ত আৰব আমিৰশ্বাহী)ৰ পৰা মুকাল্লা বন্দৰলৈ অনা হৈছিল। ছৌদি আৰবে য়েমেনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ ইউ এ ইক ২৪ ঘণ্টীয়া উলটিমেটাম জাৰি কৰিছে। আক্ৰমণৰ পূৰ্বে ছৌদি আৰবে ইউ এ ইৰ ফুজাইৰা বন্দৰৰ ড্ৰোন ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত বাহনসমূহ জাহাজখনত ভৰোৱা হৈছিল। ছৌদি আৰবে য়েমেনৰ বিচ্ছিন্নতাবাদীৰ কাৰ্যকলাপৰ বাবে ইউ এ ইক পোনপটীয়াকৈ দোষাৰোপ কৰি আবুধাবিক সকীয়াই দিছিল যে তেওঁলোকৰ এই কাৰ্য অত্যন্ত বিপজ্জনক।
- ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ মাৰাত্মক ক্ষমতা বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইটালীৰ এটা কোম্পানীৰ পৰা ৪৮টা টৰ্পিডো ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ মুঠ মূল্য ১,৮৯৬ কোটি। উল্লেখযোগ্য যে এই কোম্পানীটো এসময়ত ভিভিআইপি হেলিকপ্টাৰ কেলেংকাৰীৰ সৈতে জড়িত ইটালীৰ কোম্পানীটোৰ অংশ আছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইটালীৰ WASS Submarine Systems SRL ৰ সৈতে ভাৰতীয় নৌসেনাৰ কালভাৰী শ্ৰেণীৰ চাবমেৰিন (P-75) ৰ বাবে ৪৮ টা গধুৰ ওজনৰ টৰ্পিডো আৰু আনুষংগিক সঁজুলি ক্ৰয় আৰু সংহতিৰ বাবে প্ৰায় ১,৮৯৬ কোটি ব্যয়ৰ চুক্তি স্বাক্ষৰিত হয়।৩০ ডিচেম্বৰত ৰাজধানী দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰে।
- ১০ দিনৰ ভিতৰতে বাংলাদেশত তৃতীয় হিন্দু যুৱক বজেন্দ্ৰ বিশ্বাসৰ হত্যা। এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ একেখন মৈমনসিং জিলাতে য’ত ১৮ ডিচেম্বৰত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক মাৰপিট কৰি হত্যা কৰা হৈছিল আৰু তাৰ পিছত এটা চৌহদৰ মাজত জ্বলাই দিয়া হৈছিল। এই শেহতীয়া ঘটনাই পুনৰবাৰ জ্বলাই তুলিছে হিংসাৰ জুই। খবৰ পোৱা গৈছে যে, মৈমেনছিঙৰ ভালুকাত বস্ত্ৰ কাৰখানাত সহকৰ্মীজনে বন্দুকৰে গুলীয়াই হত্যা কৰিছিল হিন্দু যুৱক তথা আনছাৰৰ সদস্য বজেন্দ্ৰ বিশ্বাসক। আনছাৰ হৈছে বাংলাদেশৰ অৰ্ধসামৰিক বাহিনী যিয়ে গাঁও প্ৰতিৰক্ষা ইউনিট হিচাপে কাম কৰে। বজেন্দ্ৰৰ বয়স ৪২ বছৰ বুলি কোৱা হৈছে।
No Result
View All Result