নৱবৰ্ষৰ প্ৰথম দিনটোতেই ছুইজাৰলেণ্ডত এক ডাঙৰ বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, এই বিস্ফোৰণত ৪০ জনকৈ লোকৰ প্ৰাণহানি হয়। ইফালে ১০০ জনকৈও অধিক লোক আহত হয়। বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।
এক প্ৰতিবেদন অনুসৰি, বিষয়াসকলে জনাই যে হয়তো সেই স্থানত পূৰ্বতেও অগ্নিৰ সূত্ৰপাত হৈছিল, তাৰ পিছত জ্বলনশীল গেছ লিক হোৱাৰ ফলত বিস্ফোৰণটো সংঘটিত হয়। ইয়াক ফ্লেছ অভাৰ বা বেকড্ৰাফ্ট বুলি জনা যায়। অৱশ্যে তেওঁলোকে লগতে কয় যে, ইয়াৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে। আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত ‘লে কনষ্টেলেশ্যন’ নামৰ জনপ্ৰিয় বাৰত এই বিস্ফোৰণ সংঘটিত হয়।এইখন আন্তঃৰাষ্ট্ৰীয় বিখ্যাত ‘স্কি ৰিজৰ্ট’ যিয়ে বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষণ কৰে। অৱশ্যে সন্ত্ৰাসবাদী আক্ৰমণৰ কোনো সম্ভাৱনা নুই কৰিছে আৰক্ষীয়ে।
অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ১০খন হেলিকপ্টাৰ, ৪০খন এম্বুলেন্স, আৰু ১৫০জন উদ্ধাৰকাৰীক স্থানলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান ভুক্তভোগীক চিনাক্ত কৰি পৰিয়ালক অৱগত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। চুবুৰীয়া ৰাষ্ট্ৰ ইটালীত মিলানৰ নিগুৰ্ডা হাস্পতালৰ মূল বাৰ্ন ইউনিটটো আহতসকলৰ চিকিৎসাৰ বাবে উপলব্ধ কৰা হৈছে। ছুইজাৰলেণ্ডত থকা ইটালীৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে বহু মৃতদেহ চিনাক্ত কৰিবলৈ কেইবাসপ্তাহো লাগিব পাৰে। বাৰৰ চাৰিওফালে থকা অঞ্চলটো সম্পূৰ্ণৰূপে জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু ক্ৰেন্স-মন্টানাৰ ওপৰত ন’-ফ্লাই জ’ন জাৰি কৰা হৈছে।
ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, মুঠ প্ৰায় ৪০০ লোকৰ ক্ষমতা থকা বাৰখনৰ বেছমেণ্টত এই বিস্ফোৰণ সংঘটিত হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বহুলভাৱে শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা গৈছে যে, এই কাণ্ডৰ লগে লগে বাৰৰ পৰা ধোঁৱাৰ ঢৌ উঠে, যিয়ে বিস্ফোৰণ আৰু অগ্নিৰ পৰিসৰৰ প্ৰমাণ কৰে।










