৫ জানুৱাৰীত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ ৰাষ্ট্ৰপতি প্ৰাসাদ মিৰাফ্ল’ৰেছ পেলেচৰ আশে-পাশে হোৱা গুলীচালনাই এক আতংকৰ সৃষ্টি কৰে। বাতৰি অনুসৰি, কিছু সন্দেহজনক কাৰ্যকলাপ লক্ষ্য কৰি নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে। পিছে চৰকাৰী বিষয়াসকলে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি দাবী কৰে, তথাপিও ৰাজধানীখনত এক উত্তেজনাপূৰ্ণ পৰিৱেশ বৰ্তমানেও অব্যাহত আছে।
উল্লেখ্য যে, খবৰ অনুসৰি ৫ জানুৱাৰীত মিৰাফ্ল’ৰেছ পেলেচৰ ওপৰেৰে অচিনাক্ত ড্ৰ’ন উৰি থকা দেখা গৈছিল। ৰাষ্ট্ৰপতি ভৱনৰ সুৰক্ষাৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীয়ে লগে লগে বতাহত গুলীচালনা আৰম্ভ কৰে। নিৰাপত্তা সংস্থাসমূহে আশংকা কৰিছিল যে ড্ৰ’নসমূহ আক্ৰমণ বা চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব, সেয়েহে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইতিমধ্যে দেশত ভয়াৱহ ৰাজনৈতিক সংকটৰ সন্মুখীন হোৱাৰ সময়তে এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গুলীচালনাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ইফালে, প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই গ্ৰেপ্তাৰ কৰি নিউয়ৰ্কৰ ফেডাৰেল আদালতত দাখিল কৰে, য’ত তেওঁ ড্ৰাগছ সৰবৰাহৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে।
ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত বন্দুকৰ গুলীৰ খবৰ পোৱাৰ পিছতে কাৰাকাছত জনসাধাৰণৰ মাজত ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাটাও অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে, আৰু স্পৰ্শকাতৰ স্থানত অতিৰিক্ত সৈন্য নিয়োগ কৰা হৈছে। চৰকাৰে নাগৰিকসকলক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ভৱন মিৰাফ্ল’ৰেছ প্ৰাসাদৰ সমীপত সংঘটিত হোৱা গুলীচালনাৰ সন্দৰ্ভত হোৱাইট হাউছে এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁলোকে উল্লেখ কৰে যে, গুলীচালনাৰ সৈতে আমেৰিকা জড়িত নহয়।
ভেনিজুৱেলাৰ প্ৰশাসনে কয় যে, মিৰাফ্ল’ৰেছ পেলেচত কোনো প্ৰত্যক্ষ আক্ৰমণ হোৱা নাছিল। কেৱল নিৰাপত্তাজনিত কাৰণত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ড্ৰ’নখনৰ পৰিচয় আৰু ইয়াৰ আঁৰৰ উদ্দেশ্যৰ তদন্ত চলি আছে। কিন্তু বিৰোধীৰ মতে মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত দেশত অস্থিৰতা আৰু ক্ষমতা সংগ্ৰাম গভীৰ হোৱাৰ সম্ভাৱনা আছে।










