ভাৰত ভ্ৰমণলৈ অহা জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰে যে, ভাৰতীয় নাগৰিকে জাৰ্মান বিমানবন্দৰৰ জৰিয়তে তৃতীয় দেশলৈ যাবলৈ আৰু ট্ৰেনজিট ভিছা লোৱাৰ প্ৰয়োজন নহ’ব।
এই সিদ্ধান্তই ইউৰোপ বা আমেৰিকা ভ্ৰমণৰ সময়ত জাৰ্মান বিমানবন্দৰত লেঅ’ভাৰৰ বাবে অতিৰিক্ত ভিছা প্ৰক্ৰিয়া গ্ৰহণ কৰিবলগীয়া হোৱা হাজাৰ হাজাৰ ভাৰতীয় ভ্ৰমণকাৰীক প্ৰত্যক্ষ সকাহ প্ৰদান কৰিব। এই সিদ্ধান্তৰ আনুষ্ঠানিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰেড্ৰিখ মেৰ্জৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত কৰা হয়।
এই পদক্ষেপক ভাৰত আৰু জাৰ্মানীৰ মাজত জনসাধাৰণৰ যোগাযোগ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। বিশেষজ্ঞসকলৰ মতে, ই দুয়োখন দেশৰ মাজত ভ্ৰমণ, শিক্ষা, বাণিজ্য, আৰু সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰসাৰ ঘটাব।
ট্ৰেনজিট ভিছা হৈছে যেতিয়া কোনো ভ্ৰমণকাৰীয়ে নিজৰ চূড়ান্ত গন্তব্যস্থান পোৱাৰ আগতে আন দেশৰ বিমানবন্দৰত ৰৈ যায় তেতিয়া হ্ৰস্বম্যাদী অনুমতিৰ প্ৰয়োজন। এই ষ্টপ অভাৰক লেঅভাৰ বোলা হয়। এতিয়ালৈকে ভাৰতীয় নাগৰিকে জাৰ্মানী বা অন্যান্য শ্বেংগেন দেশৰ বিমানবন্দৰৰ মাজেৰে ট্ৰেনজিট কৰাৰ সময়ত শ্বেংগেন বিমানবন্দৰৰ ট্ৰেনজিট ভিছা লাভ কৰিব লাগিছিল, যদিও তেওঁলোকে বিমানবন্দৰৰ পৰা ওলাই নাযায়। ইয়াৰ বাবে ভ্ৰমণকাৰীসকলে অনৱাৰ্ড ট্ৰেভেল টিকটকে ধৰি অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ জমা দিব লাগিছিল, যাৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো জটিল আৰু সময়সাপেক্ষ হৈ পৰিছিল। এই ঘোষণাৰ লগে লগে ভাৰতীয় নাগৰিকে এতিয়া ট্ৰেনজিট ভিছা অবিহনে জাৰ্মান বিমানবন্দৰৰ মাজেৰে যাত্ৰা কৰিব পাৰিব। ইয়াৰ ফলত ভিছা আবেদনৰ দীঘলীয়া প্ৰক্ৰিয়াটো লাঘৱ হ’ব। ইউৰোপ, আমেৰিকা, অন্যান্য দেশলৈ যাত্ৰা কৰাটো সহজ আৰু সুলভ হৈ পৰিব।
স্পষ্ট কৰা হৈছে যে জাৰ্মানীত প্ৰৱেশ কৰিবলৈ এতিয়াও পৰ্যটক, ব্যৱসায়িক, ছাত্ৰ, বা কৰ্ম ভিছাৰ প্ৰয়োজন হ’ব। এই ৰেহাই কেৱল ট্ৰেনজিট ভ্ৰমণত সীমাবদ্ধ। মুঠতে এই সিদ্ধান্তই সময়, ধন আৰু কাগজ-পত্ৰ ৰাহি কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ মাজত হোৱা বৈঠকৰ পিছত ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰায় ১৯খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। এইবোৰৰ লগত মূলতঃ প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা জড়িত হৈ আছে। উচ্চ শিক্ষা আৰু গৱেষণাৰ সহযোগিতা বৃদ্ধি, দূৰসংযোগ খণ্ডত কাৰিকৰী সহযোগিতা, বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ পৰিকল্পনাত দুয়োখন দেশৰ মাজত সহমতত উপনীত হয়। তদুপৰি দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় সংঘ (ইউৰোপীয় ইউনিয়ন)ৰ মুক্ত বাণিজ্য চুক্তিক শীঘ্ৰে চূড়ান্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
জাৰ্মানীৰ চ্যান্সেলৰ হোৱাৰ পিছত ফ্ৰেড্ৰিখ মেৰ্জৰ এছিয়া ভ্ৰমণৰ এইটোৱেই প্ৰথম। সোমবাৰে (১২ জানুৱাৰী, ২০২৬) পুৱা তেওঁ আহমেদাবাদত উপস্থিত হয় বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে। তেওঁৰ দুদিনীয়া ভ্ৰমণৰ কেন্দ্ৰবিন্দু হৈছে অৰ্থনৈতিক, কৌশলগত, আৰু সাংস্কৃতিক সহযোগিতাৰ নতুন দিশ প্ৰদান কৰা।










