জে’লত যাব লাগিব পাৰে প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰ। বেছি কথা ক’লেই ৰেজাউল কৰিম সৰকাৰক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কঠোৰ সকীয়নি দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয় যে, ৰেজাউল কৰিম সৰকাৰে শৈক্ষিক জেহাদৰ ভাবুকি দিছে। লাভ জেহাদৰ দৰে শিক্ষা জেহাদো কৰিম বুলি ঘোষণা কৰি দিছে ৰেজাউলে।
এই জেহাদ শব্দটোৱেই দুই নম্বৰী বুজায়। গতিকে এনেকুৱা কৰি থাকিলে কেতিয়াবা জে’ললৈ যাব লাগিব পাৰে ৰেজাউল কৰিম সৰকাৰে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, মিঞা মুছলমানৰ একাংশই জেহাদ কৰি আছে। ইণ্টাৰনেট জেহাদৰ কেন্দ্ৰ হৈছে মৰিগাঁও। বিজেপি আছে বুলিহে অসম ঠিকে আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।










