সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
১৭ জানুৱাৰীত অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীৰ আজি এই ভ্ৰমণসূচীৰ দ্বিতীয়টো দিন। কালি সৰুসজাই ষ্টেডিয়ামত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী মোদী। আজি কাজিৰঙাৰ এলিভেটেত কৰিড’ৰৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মৌছন্দা পথাৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ৬,৯৫৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব এই ক’ৰিডৰ। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব ডিব্ৰুগড়-গোমতি নগৰ অমৃত ভাৰত এক্সপ্ৰেছ। লগতে মুকলি কৰিব কামাখ্যা-যোৰহাট সংযোগী অমৃত ভাৰত এক্সপ্ৰেছ।
১৭ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীয় বাগুৰুম্বা নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ‘বাগুৰুম্বা দ’হৌ’ৰ বিনন্দীয়া দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰো কৰে প্ৰধামন্ত্ৰীয়ে। ইয়াৰ পিছতে সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত ভাষণ দিয়ে। বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক মুকলি সমৰ্থন কৰে মোদীয়ে। সৰুসজাইৰ পৰাই অবৈধ অনুপ্ৰৱেশকাৰীক সকীয়াই দিয়ে নৰেন্দ্ৰ মোদীয়ে।
২০২৫ চনৰ ডিচেম্বৰত ইণ্ডিগোৰ মুঠ ২,৫০৭ খন বিমানৰ উৰণ বাতিল হৈছিল আৰু ১,৮৫২ খন বিমানৰ যাত্ৰা বিলম্বিত হৈছিল। যাৰ বাবে প্ৰায় ৩ লাখৰো অধিক যাত্ৰী আৱদ্ধ হৈ থকাৰ লগতে বিভিন্ন অসুবিধাৰো সন্মুখীন হৈছিল। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি DGCAই ইণ্ডিগোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। DGCA- এ ইণ্ডিগোৰ ওপৰত ২২.২ কোটি টকাৰ বিশাল জৰিমনা বিহিছে। কেৱল জৰিমনাই নহয়, বিমান সংস্থাটোৰ উচ্চপদস্থ বিষয়াসকলৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইণ্ডিগোৰ চিইঅ’ (CEO) আৰু চিঅ’অ’ (COO) বা একাউণ্টেবল মেনেজাৰক কঠোৰ সকীয়নী প্ৰদান কৰা হৈছে। লগতে ক্ৰু প্লানিং আৰু অপাৰেচনৰ সৈতে জড়িত অন্যান্য বিষয়াসকলকো সাৱধান কৰি দিয়া হৈছে।










