ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালত লগতে Pocso আদালতে দিলে এক গুৰুত্বপূৰ্ণ ৰায়দান। এগৰাকী নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অপৰাধত কাৰাদণ্ড বিহা হয় কমল চৌধুৰী নামৰ এজন ব্যক্তিক। ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে অভিযুক্তক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে।
ঘটনাৰ বিৱৰণ অনুসৰি, ২০১৮ চনত ৰঙিয়াত এগৰাকী নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল কমল চৌধুৰীয়ে। ৰঙিয়াৰ কনিহা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছিল এই নিৰ্লজ্জ কাণ্ড। অভিযুক্ত কমল চৌধুৰী চৰকাৰী স্বাস্থ্যকেন্দ্ৰখনৰ কম্পাউন্দাৰ আছিল। ভুক্তভোগীয়ে স্কুলৰ পৰা অহা পথত শাৰিৰীক অসুস্থতাৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ যায়। তাতেই কম্পাউন্দাৰ কমল চৌধুৰীয়ে নাবালিকাগৰাকীৰ সৈতে ঘৃণনীয় এই ঘটনা সংঘটিত কৰে।
ইয়াৰ পিছতে গোচৰ নং ২২/১৮ ৰ অধীনত অভিযুক্ত কমল চৌধুৰীক দোষী সাব্যস্ত কৰি ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতে। লগতে ভুক্তভোগীক ২ লাখ টকাৰ আৰ্থিক ক্ষতিপুৰণৰ নিৰ্দেশ দিয়ে আদালতে। চৰতাৰী স্বাস্থকেন্দ্ৰত সংঘটিত এনে নিৰ্লজ্জ কাণ্ডই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰে অঞ্চলজুৰি।










