গোৱাত পোহৰলৈ আহিছে ২ গৰাকী ৰাছিয়ান মহিলাৰ হত্যাৰ এক চাঞ্চল্যকৰ ঘটনা। গোৱাৰ আৰামবলত ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হয় দুয়োটা মৃতদেহ। ঘৰৰ মালিকৰ অভিযোগ অনুসৰি নিশা ১১ বজাৰ পিছত সংঘটিত হয় এই ঘটনা।
এই হত্যাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ৩৭ বছৰীয়া ৰাছিয়ান যুৱকক। অভিযুক্তৰ নাম আলেক্সী লিঅ’নভ। নিহত মহিলাকেইগৰাকীৰ নাম এলেনা কাষ্টানানোভা আৰু এলেনা ভানেভা।
আৰক্ষীয়ে এটা হত্যাকাণ্ডৰ তদন্ত কৰি থকাৰ সময়তে সেই স্থানৰ পৰা ৮ কিলোমিটাৰ দূৰৈৰ মৰ্জিম অঞ্চলত আন এগৰাকী ৰাছিয়ান মহিলা ভানেভাক হত্যা কৰাৰ কথা জানিব পাৰে। তদন্তত প্ৰকাশ পাইছে যে ভানিয়েভা অভিযুক্ত আৰু কাষ্টানানোভা দুয়োৰে বন্ধু আছিল।
আৰক্ষীৰ বিবৃতি অনুসৰি কাষ্টানানোভা আৰু অভিযুক্তই প্ৰায় এমাহ ধৰি এটা কোঠা ভাড়াত লৈছিল। ১৪ জানুৱাৰীত দুয়োৰে মাজত কাজিয়া হয়। কাষ্টানানোভাই চুবুৰীটোত বাস কৰা এগৰাকী ৰাছিয়ান মহিলাক হস্তক্ষেপ কৰিবলৈ কয় যদিও তেওঁ নাকচ কৰে। ইয়াৰ পিছত ১৫ জানুৱাৰীৰ সন্ধিয়া প্ৰায় আঠ কিলোমিটাৰ দূৰৈৰ মৰ্জিম গাঁৱলৈ গৈ ভানিয়েভাক হত্যা কৰে।
অভিযুক্তৰ হত্যাৰ আঁৰৰ কাৰণৰ তদন্ত অব্যাহত আছে। লিঅ’নভৰ পটভূমি আৰু সম্ভাৱ্য অপৰাধমূলক সংযোগৰ বিষয়েও আৰক্ষীয়ে তদন্ত কৰি আছে। ইফালে এই ঘটনাই ৰাছিয়াৰ পৰ্যটকৰ সঘনাই অহা-যোৱা কৰা অঞ্চলত বসবাস কৰা স্থানীয় বাসিন্দাসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে।










