কানাডাই চীনৰ সৈতে কৰা বাণিজ্যিক চুক্তিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়ে। এইক্ষেত্ৰত কানাডাৰ প্ৰধানমন্ত্ৰী কাৰ্নীয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ আমেৰিকাক পৰোক্ষভাৱে সঁহাৰি জনাই এটা ভিডিঅ’ মুকলি কৰে।
প্ৰধানমন্ত্ৰী কাৰ্নীয়ে নিজৰ দেশৰ নাগৰিকক কানাডাত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। পি এম কাৰ্নীৰ এই পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়াৰ ইংগিত দিয়ে।
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ২৫ জানুৱাৰীত সামাজিক মাধ্যমত এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি দাবী কৰে যে, কানাডাৰ অৰ্থনীতিয়ে বৰ্তমান বহিঃৰাষ্ট্ৰৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত কানাডাৰ জনসাধাৰণে কষ্টোপাৰ্জিত ডলাৰ কানাডাৰ ব্যৱসায় আৰু কানাডাৰ শ্ৰমিকত বিনিয়োগ কৰিবলৈ বাছনি কৰিছে। যাৰ বাবেকানাডাৰ নতুন চৰকাৰে কাম কৰি আছে। ইয়াৰ ভিতৰত আছে লাখ লাখ গৃহ, যিয়ে সুলভ মূল্যৰ গৃহ নিৰ্মাণ নিশ্চিত কৰিব, কানাডাৰ অৰ্থনীতিক ৰূপান্তৰিত কৰিব পৰা ডাঙৰ প্ৰকল্প আৰু নতুন সামৰিক সঁজুলি যিয়ে কানাডিয়ানৰ সাৰ্বভৌমত্বক সুৰক্ষিত কৰিব।
সামাজিক মাধ্যমৰ এটা পোষ্টত কানাডাক ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে। তেওঁ কয় যে, যদি কানাডাই চীনৰ সৈতে বাণিজ্যিক চুক্তি কৰে তেন্তে আমেৰিকাই কানাডাৰ ওপৰত ১০০% শুল্ক আৰোপ কৰিব।
ইফালে ট্ৰাম্পে কানাডাক ভাবুকি দি কয় যে, যদি কানাডাই চীনৰ সৈতে চুক্তি কৰে, তেন্তে আমেৰিকাত প্ৰৱেশ কৰা কানাডাৰ সকলো সামগ্ৰীৰ ওপৰত তৎক্ষণাত ১০০% শুল্ক আৰোপ কৰা হ’ব।










