No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ২৬ জানুৱাৰীত দিল্লীৰ পেৰেডত অসমে বিখ্যাত টেৰাকোটা শিল্পকলাৰ গাওঁ আশাৰীকান্দি প্ৰদৰ্শন কৰে। য’ত ৰাজ্যখনৰ প্ৰতীকপটত ভাৰতৰ সৰ্ববৃহৎ তথা পৰম্পৰাগত অসমীয়া টেৰাকোটা শিপিনীৰ বিখ্যাত শিল্পক্ষেত্ৰ ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁওখন চিত্ৰিত কৰা হয়।প্ৰতীকপটৰ সন্মুখত আকৰ্ষণীয় টেৰাকোটা পুতলা স্থাপন কৰা হয়, যিয়ে বৃত্তাকাৰ আৰ্হিত সজোৱা মাটিৰ লেম্প ধৰি আছিল। যিয়ে পোহৰ, ধাৰাবাহিকতা আৰু পৰম্পৰাৰ প্ৰতীক হিচাপে এটা দৃশ্যগতভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। অসমৰ নদীৰ পাৰৰ পৰিচয়ক উদগনি দি এখন ৰূপৱতী ময়ূৰপংখী নাও হিচাপে ডিজাইন কৰা হয় এই ট্ৰেইলাৰখন। শিপিনীসকলে হিৰামাটি (মাটি)ক দেৱ-দেৱীৰ ঐশ্বৰিক আকৃতি হিচাপে গঢ় দিয়া দেখা গৈছিল, য’ত এই শিল্পৰ সৃষ্টিশীল প্ৰক্ৰিয়া আৰু আধ্যাত্মিক সাৰমৰ্মক উজ্জ্বল কৰি তোলে।
- গণৰাজ্য দিৱসত লখিমপুৰত অসম আৰক্ষী জোৱানে প্ৰদৰ্শন কৰে এক দুঃসাহসিক ক্ৰীড়াশৈলী। চুলিৰে টানি আনে এখন ট্ৰাক। দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচনথলীত প্ৰদৰ্শন এই দুঃসাহসিক ক্ৰীড়া। এই আৰক্ষীৰ জোৱানজন হৈছে লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়োজিত আৰক্ষী বিশেষ শাখাৰ লেন্স নায়ক ৰত্নেশ্বৰ নেওঁগ। তেওঁ পতাকা উন্মোচনথলীত চুলিৰে টানি নিয়ে এখন মজলীয়া আকাৰৰ ট্ৰাক। উপস্থিত সকলোৱে ৰত্নেশ্বৰ নেওঁগৰ এনে দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰত্যক্ষ কৰি হাতচাপৰিৰে হৰ্ষোল্লাস প্ৰকাশ কৰে।
- পাকিস্তানত পুনৰবাৰ টাৰ্গেট কৰা হ’ল জাফ্ফৰ এক্সপ্ৰেছক। সিন্ধৰ শিকাৰপুৰৰ সমীপত ৰে’লপথত সংঘটিত হোৱা এক বিস্ফোৰণৰ ফলত কুৱেটাৰ পৰা ৰাৱালপিণ্ডিলৈ যোৱা জাফ্ফৰ এক্সপ্ৰেছৰ তিনিটাকৈ দবা ৰে’লপথৰ পৰা আঁতৰি যায়। বেলুচ ৰিপাব্লিকান গাৰ্ডে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে, বেলুচিস্তানৰ স্বাধীনতা নোহোৱালৈকে এনে আক্ৰমণ অব্যাহত থাকিব। ২০২৬ চনৰ ২৬ জানুৱাৰীত বি আৰ জিয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ কমাণ্ডোসকলে কুৱেটাৰ পৰা পেছাৱাৰলৈ যোৱা জাফৰ এক্সপ্ৰেছ ৰে’লখনক লক্ষ্য কৰি লৈছিল।
- সোমবাৰে হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড তুষাৰপাত আৰু বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যখনৰ ১২৫০ টাতকৈও অধিক পথ বন্ধ হৈ পৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে বৰফ চাবলৈ শিমলালৈ আহে যদিও এতিয়া অসুবিধাৰ সন্মুখীন হৈছে। হিমাচলৰ উপত্যকা উপভোগ কৰিবলৈ যোৱা লোকসকল পথ অৱৰোধৰ বাবে আৱদ্ধ হৈ পৰিছে। ৰাজহুৱা কাম-কাজ বিভাগৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে প্ৰায় ৩৫০০ মেচিন আৰু জেচিবি মোতায়েন কৰি পথসমূহ পুনৰ নিৰ্মাণ কৰিছে। লাহাউল আৰু স্পিটিৰ টাবো গাঁৱৰ তাপমাত্ৰা মাইনাছ ১০.২ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।
No Result
View All Result