ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৬৬৭- ৰাছিয়া আৰু পোলেণ্ডৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
১৭৮৮- অষ্ট্ৰিয়াই ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৮২৪- ঊনবিংশ শতিকাৰ প্ৰখ্যাত বাঙালী কবি আৰু নাট্যকাৰ মাইকেল মধুসুদন দত্তই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে।
১৯৩১- ভাৰতত প্ৰথমবাৰৰ বাবে কোনো ব্যক্তিৰ সন্মানত প্ৰতিকৃতি থকা ডাক টিকট জাৰি কৰা হয়।
১৯৪১- ব্ৰিটিছ সেনাই লিবিয়াৰ উপকূলীয় চহৰ আল আঘেইলা দখল কৰে।
১৯৫১- স্বাধীন ভাৰতত প্ৰথম লোকপিয়লৰ বাবে তালিকাৰ কাম আৰম্ভ হয়।
১৯৭৩- বিজু পাটনাইক উৰিষ্যা ৰাজ্যিক বিধানসভাত বিৰোধী দলৰ নেতা নিৰ্বাচিত হয়।
১৯৭৯- আফ্ৰিকান দেশ নাইজেৰিয়াত সংবিধান সংশোধন কৰা হয়।
১৯৯১- লিথুৱেনিয়াৰ ভোটাৰে স্বাধীনতাৰ বাবে ভোটদান কৰে।
১৯৯৯- উগাণ্ডাত এইডছ ভেকচিন ‘আলৱাক’ পৰীক্ষা, ভাৰতীয় পৰিচালক শেখৰ কাপুৰৰ ছবি ‘এলিজাবেথ’ অস্কাৰৰ বাবে মনোনীত হয়।
২০০১- শিৱনাথাই থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়, চীন-তিব্বত ৰেলৱেৰ অনুমোদন, তালিবানে পাকিস্তানৰ সৈতে প্ৰত্যাৰ্পণ চুক্তি অস্বীকাৰ কৰে।
২০০৭- পাকিস্তানৰ বিৰোধী দল জমিয়ত উলেমা ইছলামীয়ে স্বাধীনতা সংগ্ৰামীৰ তালিকাৰ পৰা জিন্নাক অপসাৰণ কৰে।
২০০৯- উচ্চতম ন্যায়ালয়ে তাজ আৰু ইয়াৰ আশে-পাশে অবৈধ নিৰ্মাণ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰে।
২০১০- ভাৰত চৰকাৰে অনিৰ্দিষ্টকাললৈ বিটি ব্ৰঞ্জলৰ ব্যৱসায়িক খেতি নিষিদ্ধ কৰে।
২০১৬- জাৰ্মানীৰ বাভাৰিয়া ৰাজ্যত দুখন ৰে’লৰ সংঘৰ্ষত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮৫ জন লোক আহত হয়।










