ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৪৯৫- ইংলেণ্ডত ছাৰ উইলিয়াম ষ্টেনলীক ফাঁচী দিয়া হয়।
১৬১৬- ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰ’ই আজমেৰত থকা মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰ ভ্ৰমণ কৰে।
১৭৬৩- পেৰিছ সন্ধিৰ অধীনত ফ্ৰান্সে কানাডাক ব্ৰিটেইনৰ হাতত অৰ্পণ কৰে।
১৮১৭- ব্ৰিটেইন, প্ৰুছিয়া, অষ্ট্ৰিয়া আৰু ৰাছিয়াই ফ্ৰান্সৰ পৰা সৈন্য প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে।
১৮১৮- আজিৰ দিনটোতে ৰামপুৰত ব্ৰিটিছ আৰু মাৰাঠাৰ মাজত তৃতীয় আৰু অন্তিম যুদ্ধ হয়।
১৮৪৬- আজিৰ দিনটোতে ব্ৰিটিছে সোব্ৰাউন যুদ্ধত শিখসকলক পৰাস্ত কৰে।
১৮৭৯- আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এখন থিয়েটাৰত প্ৰথমবাৰৰ বাবে পোহৰৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰা হয়।
১৯০৪- জাপান আৰু ৰাছিয়াই যুদ্ধ ঘোষণা কৰে।
১৯১৬- ব্ৰিটেইনত সামৰিক নিযুক্তি আৰম্ভ হয়।
১৯১৮- ছোভিয়েট নেতা লিঅ’ন ট্ৰটস্কিয়ে প্ৰথম বিশ্বযুদ্ধৰ পৰা ৰাছিয়া প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।
১৯২৯- জে.আৰ.ডি. টাটা পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।
১৯৩১- দিল্লী ভাৰতৰ ৰাজধানী হয়।
১৯৭২- ছোভিয়েট ইউনিয়নে পূব কাজাখস্তানত পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৭৯- ইটানগৰক অৰুণাচল প্ৰদেশৰ ৰাজধানী কৰা হয়।
১৯৯১ চনত পেৰুত কলেৰা ৰোগত ৫১ জন লোকৰ মৃত্যু হয়।
১৯৯২ চনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হয়।
১৯৯৬- আই বি এমৰ ছুপাৰ কম্পিউটাৰ “ডিপ ব্লু” য়ে দবাত গেৰী কাছপাৰভক পৰাস্ত কৰে।
১৯৯৮- ৩৫খন দেশে পৰিৱেশ উন্নয়ন কাৰ্যসূচীৰ বাবে “গ্ল’বেল এনভাইৰনমেণ্ট ফেচিলিটি”ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদন কৰে; পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে “পাকিস্তান ২০০০” নামৰ এক কাৰ্যসূচী ঘোষণা কৰে।
২০০৩- BTC চুক্তি সম্পন্ন।
২০০৬- নেপালৰ পৌৰসভাৰ নিৰ্বাচনত ৰজাৰ সমৰ্থকসকলে জয়লাভ কৰে।
২০১৩- এলাহাবাদৰ কুম্ভ মেলাৰ সময়ত সংঘটিত হুলস্থুলৰ ফলত ৩৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৯ জন আহত হয়।










