বিগত বৰ্ষৰ এপ্ৰিল মাহত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি কৰিবলৈ ১৬ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিৰ্দেশ দিয়ে। বিগত বৰ্ষৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ প্ৰায় ৫০ টা পৰ্যটনস্থলী বন্ধ কৰি দিছিল উপ-ৰাজ্যপাল প্ৰশাসনে।
লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ে এক্সৰ ওপৰত দিয়া এটা পোষ্টত কয় যে, ‘সম্পূর্ণ নিৰাপত্তা পৰ্যালোচনা আৰু বিবেচনাৰ অন্তত তেওঁ কাশ্মীৰ আৰু জম্মু সংমণ্ডলৰ অধিক পৰ্যটনস্থলী মুকলি কৰাৰ নিৰ্দেশ দিছে, যিবোৰ সাময়িকভাৱে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ হৈ আছিল।
ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ২৬ ছেপ্টেম্বৰত লেফটেনেণ্ট গৱৰ্ণৰে ১২টা পৰ্যটনস্থলী পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল। সিনহাই কয় যে, কাশ্মীৰ সংমণ্ডলৰ ১১ টা পৰ্যটনস্থলী – কোকেৰনাগৰ যুছমাৰ্গ, দূধপাথ্ৰি, দণ্ডিপুৰা পাৰ্ক, শ্বোপিয়ানৰ পিৰ কি গালি, ডুবজান আৰু পদপৱন, আস্তানপোৰা, টিউলিপ গাৰ্ডেন, শ্ৰীনগৰৰ থাজৱাছ হিমবাহ, গণ্ডাৰবলৰ হাং পাৰ্ক, আৰু বাৰামুল্লাৰ ৱুলাৰ আৰু ৱাটলাব – তৎক্ষণাত পুনৰ মুকলি কৰা হ’ব।
তেওঁ কয় যে জম্মু সংমণ্ডলৰ তিনিটা পৰ্যটনস্থলী – ৰিয়াচীৰ দেৱী পিণ্ডী, ৰামবানৰ মাহু মংগাট, আৰু কিষ্টৱাৰৰ মোগল মৈদান –ও তাৎক্ষণিক কাৰ্যকৰীতাৰে পুনৰ মুকলি কৰা হ’ব। কাশ্মীৰ বিভাগৰ তিনিটা স্থান— গুৰেজ, আথৱা, আৰু বাংগুছ—আৰু জম্মু সংমণ্ডলৰ এটা স্থান—ৰামবানৰ ৰামকুণ্ড—তুষাৰ গলি যোৱাৰ পিছত পুনৰ মুকলি হ’ব সিনহাই জানিবলৈ দিয়ে।
সোমবাৰে জম্মু-কাশ্মীৰৰ গুলমাৰ্গত ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া শীতকালীন গেমছত অংশগ্ৰহণ কৰিব ৭০০ৰো অধিক খেলুৱৈ আৰু বিষয়াই। স্কি সহায়ক মহম্মদ ৰফিক চেচিয়ে কয় যে, শীতকালত ভাল বৰফ পৰিছে, যাৰ ফলত স্কিইং আৰু স্লেডিঙৰ কাৰ্য্যকলাপ বৃদ্ধি পাইছে। ইয়াত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া শীতকালীন গেমছে জম্মুৰ ব্যৱসায়ীৰ জীৱিকা উপাৰ্জনত সহায় কৰিব।









