নিশা সঘনাই টোপনিৰ পৰা সাৰ পোৱাৰ সমস্যাই আমাৰ জীৱনত অসুবিধাৰ সৃষ্টি কৰে। এনে সমস্যা হ’লে ব্যক্তি এজনে কেতিয়াবা ৰাতিপুৱা বহুত সোনকালে সাৰ পায় আৰু পুনৰ টোপনি যাব নোৱাৰে। গোটেই ৰাতিটো বিচনাত কটোৱাৰ পিছতো ভাগৰুৱা অনুভৱ কৰে। এই সমস্যাই ক্ৰমান্বয়ে শক্তিৰ মাত্ৰা হ্ৰাস কৰে, জীৱনশৈলীত প্ৰভাৱ পেলায় আৰু কৰ্মক্ষমতা আৰু জীৱনৰ মানদণ্ডত প্ৰভাৱ পেলায়।
কিয় এনেকুৱা হয় আৰু কেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন হয় জানো আহক-স্বাস্থ্য তথ্য প্ৰদানকাৰী মেয়’ক্লিনিকৰ মতে, ব্যক্তিভেদে টোপনিৰ পৰিমাণ বেলেগ বেলেগ হয়, যদিও বেছিভাগ প্ৰাপ্তবয়স্ক লোকে দৈনিক ৭ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। বেছিভাগ মানুহেই জীৱনৰ কোনোবা এটা সময়ত হ্ৰস্বম্যাদী অনিদ্ৰা অনুভৱ কৰে, যিটো কেইদিনমান বা সপ্তাহলৈকে থাকে। প্ৰায়ে মানসিক চাপ, উদ্বেগ বা আৱেগিক পৰিঘটনাৰ ফলত ইয়াৰ সৃষ্টি হয়। কিন্তু কিছুমান মানুহৰ বাবে এই সমস্যা দীৰ্ঘদিন ধৰি থাকে। যদি তিনিমাহ বা তাতোকৈ অধিক সময় টোপনিৰ সমস্যা থাকে, তেন্তে ইয়াক ক্ৰনিক ইনছমনিয়া বোলা হয়। কেতিয়াবা ই নিজৰ বাবেই এটা ৰোগ, আনহাতে আন শাৰীৰিক অৱস্থা বা ঔষধেও ইয়াৰ কাৰণ হ’ব পাৰে।
উদ্বেগ বা হতাশাৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাই অনিদ্ৰা বৃদ্ধি কৰিব পাৰে। কিছুমান ঔষধ, দীৰ্ঘদিনীয়া বিষ, হাঁপানী, থাইৰয়ডৰ সমস্যা, এচিডিটি, স্লিপ এপনিয়া, বা অস্থিৰ ভৰিৰ চিনড্ৰম আদিয়েও ইয়াৰ বাবে অৰিহণা যোগাব পাৰে। বয়সৰ লগে লগে টোপনি লঘু হৈ পৰে, আৰু ঔষধৰ ব্যৱহাৰ বৃদ্ধি কৰিলেও সমস্যাটো আৰু বেছি বেয়া হ’ব পাৰে। শিশু আৰু কিশোৰ-কিশোৰীসকলৰ চাৰ্কেডিয়ান ছন্দৰ পৰিৱৰ্তিত হোৱাৰ বাবে প্ৰায়ে টোপনি পলম হয়।
অনিদ্ৰাৰ লক্ষণ কেৱল ৰাতিৰ সময়ত সীমাবদ্ধ নহয়। দিনৰ ভাগত ভাগৰুৱা, খিংখিঙীয়া, দুখ বা উদ্বেগ হোৱাটো সাধাৰণ কথা। মনোযোগ দিবলৈ অসুবিধা হোৱা, কৰ্মক্ষেত্ৰত ভুল হোৱা বা সৰু সৰু কথাবোৰক লৈ অত্যধিক চিন্তা কৰাটোও লক্ষণ হ’ব পাৰে। যদি টোপনিৰ অভাৱে আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে কাৰণ নিৰ্ণয় কৰি উপযুক্ত চিকিৎসা নিৰ্ণয় কৰিব পাৰে আৰু প্ৰয়োজন হ’লে সমস্যাৰ মূললৈ যাবলৈ টোপনিৰ পৰীক্ষাৰ পৰামৰ্শও দিব পাৰে।










