হিজাব পৰিধান নকৰাটোৱেই অপৰাধ! হিজাব পৰিধান নকৰাৰ অপৰাধত এগৰাকী মহিলা গৱেষকক দেশৰ পৰা বিতাড়িত কৰিলে ইৰাণ চৰকাৰে।
ইৰাণত পুনৰ হিজাব বিতৰ্ক আৰম্ভ হৈছে। আফগানিস্তানৰ বাসিন্দা তথা গৱেষক কোব্ৰা ঘোলামীয়ে হিজাব সম্পৰ্কীয় নিয়ম অৱজ্ঞা কৰাৰ বাবে নিজ দেশলৈ বিতাড়িত কৰিলে ইৰাণ চৰকাৰে। ইয়াৰ পিছতে ঘোলামীৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে একাংশ নেটিজেনে।
উল্লেখ্য যে, ঘোলামীয়ে কেইবাবাৰো মানি চলা নাছিল হিজাবৰ নিয়ম। হিজাব পৰিধান নকৰাৰ বাবে তেওঁ ইৰাণ চৰকাৰৰ ৰোষত পৰিছিল। বহুবাৰ ঘোলামীক সতৰ্কবাণীও দিছিল ইৰাণ চৰকাৰে।
২ আগষ্টত ঘোলামীক পাছপ’ৰ্ট কাৰ্যালয়লৈ মাতি আনি আটক কৰে আৰক্ষীয়ে। আটক কৰাৰ কিছু সময়ৰ পাছতে তেওঁক ইৰাণৰ পৰা বিতাড়িত কৰি আফগানিস্তানলৈ ঘূৰাই পঠিওৱা হয়।
ঘোলামীক বিতাড়িত কৰাৰ সময়ত তেওঁক পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিবলৈ দিয়া হোৱা নাছিল। ইৰাণত থাকিব পৰাকৈ সকলো ধৰণৰ নথি-পত্ৰ মজুত থকাৰ পাছতো কেৱল হিজাব আইন বা নিয়ম মানি নচলাৰ বাবেই তেওঁক বিতাড়িত কৰা হয়।
উল্লেখ্য যে, ইৰাণৰ আইন অনুসৰি মহিলাসকলে হিজাব পৰিধান কৰাটো বাধ্যতামূলক। এই আইন মানি নচলাৰ বাবেই ঘোলামীক বিতাড়িত কৰাৰ সিদ্ধান্তক ‘অন্যায়’ বুলি অভিহিত কৰিছে বিশ্ববাসীয়ে।
সামাজিক মাধ্যমত একাংশই হেছটেগ ব্ৰিং বেক কোব্ৰা আন্দোলন আৰম্ভ কৰিছে একাংশ সমৰ্থকে। ইয়াৰ লগতে শিশু অধিকাৰ কৰ্মী আমেনেহ জামানীয়ে ঘোলামীৰ সমৰ্থনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সকলোকে কোব্ৰাৰ কণ্ঠস্বৰ হ’বলৈ আহ্বান জনাইছে সমাজকৰ্মীগৰাকীয়ে।