ইৰানে নিজৰ বিশাল ক্ষেপণাস্ত্ৰৰ মজুতক সুৰক্ষিত কৰিবলৈ বছৰ বছৰ ধৰি মাটিৰ তলৰ বাংকাৰ আৰু “ক্ষেপণাস্ত্ৰ চহৰ” নিৰ্মাণ কৰিছিল। কিন্তু এতিয়া আমেৰিকা আৰু ইজৰাইলৰ সৈতে চলি থকা যুদ্ধত ইৰানৰ এই কৌশলে তেওঁলোকৰ দেশৰ বাবেই বিপদ মাতি আনিছে।
আমেৰিকা-ইজৰাইলৰ বিমান আৰু ড্ৰ’নে ইৰানৰ এই ঘাটিসমূহত অহৰহ নিৰীক্ষণ কৰি আছে আৰু মিছাইল লঞ্চাৰ ওলাই অহাৰ লগে লগে আক্ৰমণ কৰিছে। বহু ঠাইত ক্ষেপণাস্ত্ৰ আৰু লঞ্চাৰ প্ৰচণ্ড বোমাবৰ্ষণৰ বাবে বাংকাৰৰ ভিতৰতে আৱদ্ধ হৈ আছে।
বিগত কিছুদিনত লোৱা উপগ্ৰহৰ ছবিত ইৰানৰ অসংখ্য ক্ষেপণাস্ত্ৰ আৰু লঞ্চাৰ ধ্বংস হোৱা দেখা গৈছে। ইৰানে “মিছাইল চিটি” বুলি কোৱা ভূগৰ্ভস্থ ঘাটিৰ প্ৰৱেশদ্বাৰৰ ওচৰতে এই আক্ৰমণ সংঘটিত হৈছিল। খবৰ অনুসৰি দক্ষিণৰ শ্বিৰাজ চহৰৰ সমীপৰ কেইবাটাও ঘাটিত একাধিকবাৰ আক্ৰমণ কৰা হৈছে। ইছফাহান, তাব্ৰিজ, আৰু কেৰমানশ্বাহৰ আশে-পাশে থকা ঘাটিসমূহকো লক্ষ্য কৰি লোৱা হৈছিল।
বিশ্লেষকসকলৰ মতে, আক্ৰমণ কৰা কেইবা ডজন ক্ষেপণাস্ত্ৰ ঘাটিৰ প্ৰায় সকলোবোৰেই আছে মাটিৰ তলত। কিন্তু অট্টালিকা, প্ৰৱেশদ্বাৰ, পথ আদিৰে আবৃত হোৱাৰ বাবে উপগ্ৰহৰ চিত্ৰত সহজে চিনাক্ত কৰিব পৰা যায়।
২০২৫ চনৰ মাৰ্চ মাহত ইৰানে নিজৰ সৰ্ববৃহৎ ভূগৰ্ভস্থ ক্ষেপণাস্ত্ৰৰ সুবিধা নিৰ্মাণ কৰা বুলি দাবী কৰি এটা ভিডিঅ’ প্ৰকাশ কৰিছিল। ভিডিঅ’টোত দেখা গৈছে দীঘলীয়া সুৰংগত ৰখাই থোৱা ক্ষেপণাস্ত্ৰ কঢ়িয়াই অনা ট্ৰাক। অৱশ্যে এই সুবিধাৰ স্থানৰ বিষয়ে জানিব পৰা হোৱা নাই।
দক্ষিণ ইৰানৰ খ’ৰমুজ অঞ্চলৰ ওচৰৰ এটা ঘাটিত ৯টা মাটিৰ তলৰ চাইল’ আছে বুলি অনুমান কৰা হৈছে, য’ৰ পৰা মাটিৰ তলৰ পৰা পোনপটীয়াকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰি। এই চাইলোবোৰ হৈছে পাৰস্য উপসাগৰৰ ফালে মুখ কৰি পাহাৰৰ ঢালত খান্দি লোৱা গভীৰ গাঁত।
সম্ভৱ যে ইৰানে যুদ্ধ আৰম্ভ হোৱাৰ আগতেই বাংকাৰৰ পৰা নিজৰ কিছুমান মিছাইল লঞ্চাৰ আৰু মিছাইল আঁতৰাই দেশখনক আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল।
ইজৰাইল আৰু আমেৰিকাৰ বিষয়াসকলে কয় যে শনিবাৰৰ পৰা ইৰাণে নিক্ষেপ কৰা বেলিষ্টিক মিছাইল আৰু ড্ৰ’নৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰ এটা কাৰণ লঞ্চ ছাইট আৰু সামৰিক আন্তঃগাঁথনিত আক্ৰমণ বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ইৰানে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে নিজৰ ক্ষেপণাস্ত্ৰৰ মজুত সংৰক্ষণ কৰি ৰখাটোও সম্ভৱ।







