মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই এতিয়া দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰিছে। ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰি ইয়াৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক নিৰ্মূল কৰিছিল।বিশ্বৰ আটাইতকৈ শক্তিশালী চোৰাংচোৱা সংস্থা মোছাদ আৰু ইজৰাইলী সেনাই ইৰাণক ঘেৰি ধৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ইফালে ইৰাণো আমেৰিকা-ইজৰাইলৰ আত্মসমৰ্পণ কৰিবলৈ অনিচ্ছুক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ইৰাণৰ আত্মসমৰ্পণৰ প্ৰতি অহৰহ ভাবুকি দি আহিছে।
ট্ৰাম্পে কেতিয়াবা কয় যে, ইৰাণে উপসাগৰীয় অন্যান্য মুছলমান দেশৰ ওচৰত ক্ষমা বিচাৰিছে আৰু কেতিয়াবা কয় যে আমেৰিকাই পুনৰ তেহৰাণত ব্যাপক আক্ৰমণ চলাব। ইয়াৰ এদিন পূৰ্বে ট্ৰাম্পে কৈছিল যে ইৰানে বিনাচৰ্তে আত্মসমৰ্পণ কৰিলেহে ইৰাণৰ সৈতে যিকোনো চুক্তি হ’ব।
এই যুদ্ধই আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰত্যক্ষভাৱে তেলৰ ওপৰত প্ৰভাৱ পেলাইছে। হৰমুজ জলদ্বীপ হৈছে সেই পথ যাৰ মাজেৰে সমগ্ৰ বিশ্বৰে তেলৰ ব্যৱসায় হয়। ভাৰতৰ ৫০% তেল এই পথেৰে আহে। ইয়াৰ ফলত প্ৰতি বেৰেলত তেলৰ মূল্য ৭০ ডলাৰৰ পৰা ৯৩ ডলাৰলৈ হ্ৰাস পায়। তেলৰ মূল্য ১ ডলাৰ বৃদ্ধিৰ অৰ্থ হ’ল পেট্ৰ’লৰ মূল্য ৫৫ পইচা বৃদ্ধি।
ট্ৰাম্পে কয় যে তেলৰ দাম বৃদ্ধি হ’লেও তেওঁ একো গুৰুত্ব নিদিয়ে। ইৰাণ যুদ্ধৰ বাবে ভাৰতে ৰাছিয়াৰ পৰা ৩০ দিনৰ বাবে খাৰুৱা তেল ক্ৰয় কৰিব পাৰে বুলিও আমেৰিকাৰ কোষাগাৰ সচিবে কয়। ভাৰত চৰকাৰেও ইয়াৰ প্ৰতি সঁহাৰি জনায়। কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে যে, তেল ক্ৰয়ৰ বাবে ভাৰতে কোনো দেশৰ পৰা অনুমতিৰ প্ৰয়োজন নাই। চৰকাৰে কয় যে, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে ভাৰত কেতিয়াও কোনো দেশৰ অনুমতিৰ ওপৰত নিৰ্ভৰশীল নহয়। ৰাছিয়া ভাৰতৰ সৰ্ববৃহৎ খাৰুৱা তেল যোগানকাৰী হৈ থাকিব।
মধ্যপ্ৰাচ্যত সংঘাত অব্যাহত থকাৰ মাজতে ৭ মাৰ্চত ঘৰুৱা এলপিজিৰ মূল্য ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৫ টকা বৃদ্ধি পায়। ভাৰতীয় তেল নিগমৰ ৱেবছাইট অনুসৰি, ১৪.২ কিলোগ্ৰাম ওজনৰ ৰাজসাহায্যবিহীন এল পি জিৰ এটা চিলিণ্ডাৰৰ মূল্য এতিয়া দিল্লীত ৯১৩ টকা। এবছৰ নৌহওঁতেই এয়া দ্বিতীয়টো বৃহৎ মূল্যবৃদ্ধি।








