সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
সমাগত ২০২৬ৰ বিধানভা নিৰ্বাচন। অসমৰ চাৰিওফালে এতিয়া বাজিছে নিৰ্বাচনী ৰণডংকা। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। আজি হৈছে বিজেপিৰ জন আৰ্শীবাদ যাত্ৰাৰ অন্তিমটো দিন। এই যাত্ৰাৰ অষ্টমটো দিনত আজি বজালী, টিহু আৰু নলবাৰীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী।
২০২৬ চনৰ টি-২০ বিশ্বকাপত জয়লাভ কৰি উদযাপনত নিমগ্ন হৈ পৰিছে ভাৰতীয় দলটো। ফাইনেলত আকৰ্ষণীয় জয়ৰ পিছত দলটোৰ একাংশ খেলুৱৈয়ে আহমেদাবাদৰ হনুমান টেকৰি মন্দিৰত উপস্থিত হৈ ভগবানৰ আশীৰ্বাদ লয়। অধিনায়ক সূৰ্যকুমাৰ যাদৱ, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহও উপস্থিত থাকে।খেলুৱৈসকলে আহমেদাবাদৰ বিখ্যাত হনুমান মন্দিৰ পৰিদৰ্শন কৰি টি-২০ বিশ্বকাপৰ ট্ৰফী লৈ প্ৰাৰ্থনা কৰে। দলটোৰ মন্দিৰ ভ্ৰমণৰ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
ইৰানত আক্ৰমণ কৰি জনতাৰ ৰোষত ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী। ড’নাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেত্যান্যাহুৰ বিৰুদ্ধে আমেৰিকাত চলিছে তীব্ৰ প্ৰতিবাদ। ইৰানত আক্ৰমণ কৰাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ জনতা।ৱাশ্বিংটন, নিউইয়ৰ্কত প্ৰতিবাদকাৰীৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইৰানত আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনাইছে ট্ৰাম্প আৰু নেত্যান্যাহুক। লণ্ডনতো ৫ হাজাৰতকৈ অধিক লোকে আমেৰিকাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।
আয়াতুল্লা আলী খামেইনিৰ পুত্ৰ মোজতবা আলী খামেইনি হ’ব ইৰানৰ নতুন সৰ্বোচ্ছ নেতা। মছজিদৰ ৮৮ গৰাকী ধৰ্মগুৰুৰ এখন সমিতিয়ে ঘোষণা কৰিলে মোজতবাৰ নাম। মোজতবা আলী খামেইনিৰ সমৰ্থনত ইৰানৰ ৰাজপথত জনতাৰ শ্লোগান।মোজতবা আলী খামেইনি হৈছে আয়াতুল্লা আলী খামেইনিৰ ২য় পুত্ৰ।








