আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণে ইৰাণত এক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইৰাণৰ ৰাজধানী তেহৰাণত পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। নিশাৰ ভিতৰতে তেহৰাণৰ তেল ডিপো আৰু শোধনাগাৰক লক্ষ্য কৰি লোৱা এই আক্ৰমণৰ ফলত চহৰখনৰ কিছু অংশত ডাঠ কুঁৱলীৰ সৃষ্টি হয়। ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ মাজতে এতিয়া ইৰাণৰ আকাশৰ পৰা ক’লা পানী নিগৰিছে। এই পানীৰ এটা টোপালো যদি মানুহৰ শৰীৰত পৰে, তেন্তে মানুহৰ শৰীৰত বিস্তৰ ক্ষয় হ’ব পাৰে।
৭ মাৰ্চৰ নিশা ইজৰাইল আৰু আমেৰিকাৰ বিমানে শ্বাহৰাণৰ ইন্ধন ডিপো আৰু ইৰাণৰ ৰাজধানীৰ আলবৰ্জ তেল শোধনাগাৰত ক্ষেপণাস্ত্ৰৰ শিলাবৃষ্টিৰ সৃষ্টি কৰে। ইৰাণৰ আকাশ ডাঠ আৰু বিষাক্ত ধোঁৱাৰে আবৃত হৈ পৰে আৰু হঠাতে তেল বৰষুণ হ’বলৈ আৰম্ভ কৰে।
ইজৰাইলৰ আক্ৰমণত ধ্বংস হোৱা তেল ডিপো আৰু শোধনাগাৰৰ পৰা নিৰ্গত লাখ লাখ লিটাৰ তেল আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ ডাৱৰৰ সৈতে মিলি বিষাক্ত পদাৰ্থৰ সৃষ্টি কৰে।
ইৰাণৰ ৰেড ক্ৰীচেণ্টে জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰি কয় যে, এই বৰষুণত চালফাৰ, নাইট্ৰজেন অক্সাইড, হাইড্ৰ’কাৰ্বনৰ বিপজ্জনক ঘনত্ব আছে। এই বৰষুণ ইমানেই অম্লীয় যে, ছাল জ্বলাই হাওঁফাওঁৰ স্থায়ী ক্ষতি কৰিব পাৰে। আনকি ইৰাণৰ সাধাৰণ জনতাক ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে এয়াৰ কণ্ডিচনাৰ বন্ধ কৰিবলৈও সকীয়াই দিয়ে বিষয়াসকলে।
ইৰাণৰ সাহায্য সংস্থা ৰেড ক্ৰীচেণ্টেও এই আক্ৰমণত ধ্বংস হোৱা ইন্ধনৰ টেংকৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই বিপজ্জনক এচিড বৰষুণৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে। ইয়ে মানৱ শৰীৰত শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।








