No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি মুকলি হ’ব ৰাজ্যৰ দীৰ্ঘতম ৫.৪ কিঃমিঃ উৰণসেতু। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব নুনমাটি-ৰিৰ্জাভ বেংক সংযোগী এই উৰণসেতু। ৮৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে মহাৰাজ পৃথু নামেৰে নিৰ্মিত এই উৰণসেতু। এই উৰণসেতু ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু।
- বিহুৰ পূৰ্বে মহিলাসকললৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব ৯ হাজাৰ টকা। পুৱা ১০.৩০ বজাত ৪০ লাখ মহিলাৰ একাউণ্টত সোমাব এই ধন।
- ১১ মাৰ্চত নগাঁৱত মুকলি হ’ব জুবিন উদ্যান। উদ্যানখনত স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। সন্ধ্যাপৰত এই পাৰ্কত বাজি উঠিব জুবিন গাৰ্গৰ গীত। এই উদ্যানত আছে ৱাকিং জ’ন, মুকলি ব্যায়ামাগাৰ আৰু শিশু উদ্যান। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ বাকৰিত নিৰ্মাণ কৰা হৈছে এই উদ্যান। বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁৱত নিৰ্মাণ কৰা হৈছে এই উদ্যানখন।
- ১০ আৰু ১১ মাৰ্চত দিল্লী-এনচিআৰৰ বাবেও ভয়াৱহ গ্ৰীষ্ম বতাহৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই দুদিনত সৰ্বোচ্চ তাপমাত্ৰা ৩৮ৰ পৰা ৪০ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে, আনহাতে নিশাৰ উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া পূৰ্বাভাস অনুসৰি অহা ১০ আৰু ১১ মাৰ্চত ৰাজধানী চহৰখনৰ উষ্ণতা স্বাভাৱিকতকৈ বহু বেছি হ’ব আৰু দিনৰ ভাগত তীব্ৰ গৰম হ’ব।
- ইৰাণৰ বিৰুদ্ধে ইৰাণ-ইজৰাইল যুদ্ধত এতিয়া তুৰস্কই নিজকে সক্ৰিয়ভাৱে জড়িত বুলি ঘোষণা কৰিছে। ভূমধ্যসাগৰত তুৰস্কই ইৰাণৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত এই ঘোষণা কৰা হৈছে। তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইৰাণক ভাবুকি দি কয় যে, ইৰাণে নিজৰ ভূখণ্ডৰ নিৰাপত্তা আৰু নাগৰিকৰ সুৰক্ষা বিপন্ন কৰা যিকোনো ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
No Result
View All Result