শেহতীয়াকৈ ইৰাণৰ তেল ডিপোত ইজৰাইলৰ আক্ৰমণে আমেৰিকা আৰু ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বিভাজনৰ ওপৰত আলোকপাত কৰিছে। ইজৰাইলৰ আক্ৰমণৰ তীব্ৰতা আৰু পৰিণতিক লৈ ৱাশ্বিংটনে আচৰিত আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে।
ৱাশ্বিংটন আৰু টেল আভিভ দুয়োখন দেশেই আক্ৰমণৰ পূৰ্বে আমেৰিকান সেনাক অৱগত কৰা হৈছিল বুলি কোৱাৰ বিপৰীতে আমেৰিকাৰ এজন বিষয়াই কয় যে ইজৰাইলৰ আক্ৰমণৰ পৰিসৰে আনকি আমেৰিকাকো স্তম্ভিত কৰি তুলিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে হোৱাইট হাউছ বা ইজৰাইলী সেনাই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
খবৰ অনুসৰি ইজৰাইলে ৭ মাৰ্চত ইৰাণৰ প্ৰায় ৩০টা তেল ডিপোত ব্যাপক আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণৰ বিষয়ে আমেৰিকাক আগতীয়াকৈ অৱগত কৰিছিল। কিন্তু ইজৰাইলৰ আক্ৰমণৰ পৰিসৰ আমেৰিকাই আশা কৰাতকৈ বহু বেছি আছিল। ইজৰাইলৰ বায়ুসেনাৰ আক্ৰমণৰ পিছত তেহৰাণৰ আকাশত ডাঙৰ ডাঙৰ আৰু ডাঠ ধোঁৱাৰ ঢৌ সৃষ্টি হৈছিল। বহু ঠাইত অগ্নিকাণ্ড ইমানেই তীব্ৰ আছিল যে কেইবাকিলোমিটাৰ ধৰি জুইৰ শিখা দেখা গৈছিল আৰু ৰাজধানীৰ আকাশখন ঘন ধোঁৱাই আৱৰি ধৰিছিল, যাৰ ফলত চহৰখনত প্ৰলয়ৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল।
ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে আক্ৰমণ সন্দৰ্ভত আনুষ্ঠানিক বিবৃতিত কয় যে, এই তেল ডিপোসমূহ ইৰাণৰ শাসনে নিজৰ সামৰিক ইউনিটকে ধৰি বিভিন্ন ব্যৱহাৰকাৰীক ইন্ধন যোগান ধৰিবলৈ ব্যৱহাৰ কৰে।এক প্ৰতিবেদন অনুসৰি, ইজৰাইলৰ এজন সামৰিক বিষয়াই কয় যে এই আক্ৰমণৰ উদ্দেশ্য ইৰাণলৈও ইজৰাইলৰ অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাটো বন্ধ কৰাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে।








