ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অধিনায়ক হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা বেটছমেণত পৰিণত হৈছে ৰোহিত শৰ্মা।
শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৰোহিত শৰ্মাই এই কৃতিত্বৰ অধিকাৰী হয়। খেলখনৰ পূৰ্বে তেওঁ ২৩১টা ছয়েৰে দ্বিতীয় স্থানত আছিল।
মেচখনত ৰোহিত শৰ্মাই তৃতীয়টো ছয় কোবোৱাৰ লগে লগে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ইয়ন মৰ্গানক অতিক্ৰম কৰি শীৰ্ষ স্থানত অধিষ্ঠিত হয়।
বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৩৪টা ছয়ৰ সহায়ত প্ৰথম স্থানত আছে ৰোহিত শৰ্মা। ২৩৩টা ছয়ৰ সহায়ত দ্বিতীয় স্থানত আছে ইয়ন মৰ্গান। তৃতীয় স্থানত আছে ভাৰতৰে অন্যতম শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে ৩৩০ টা ইনিংছত ২১১টা ছয় কোবাইছিল।
উল্লেখ্য যে, শ্ৰীলংকাৰ বিৰুদ্ধে চলা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে জয়লাভ কৰিব নোৱাৰিলেও অধিনায়ক ৰোহিত শৰ্মাই যথেষ্ট উন্নতমানৰ প্ৰদৰ্শ আগবঢ়াইছিল।
মেচখনত তেওঁ এদিনীয়া কেৰিয়াৰৰ ৫৬ সংখ্যক অৰ্ধশতকীয় ইনিংছ খেলিছিল যদিও ভাৰতক জয়ৰ সোৱাদ দিব পৰা নাছিল। ভাৰতীয় বেটাৰৰ অধৈৰ্যশীল বেটিঙৰ বাবে মেচখন ড্ৰ ৰূপে সমাপ্ত হৈছিল।