আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত সংঘটিত হৈছে এক নতুন বৃহৎ আক্ৰমণ। ইৰাণে পাৰ্চী উপসাগৰত ২ খন বিদেশী তেল টেংকাৰ আক্ৰমণ কৰে, য’ত এখন আমেৰিকান কোম্পানীৰ মালিকানাধীন এখন টেংকাৰো আছিল।
এই আক্ৰমণত জাহাজসমূহত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় আৰু এজন লোকৰ মৃত্যু হয় আৰু ৩৮ জন ক্ৰুৰ সদস্যক উদ্ধাৰ কৰা হয়। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ইৰাণে।
ইৰাণৰ চৰকাৰী সম্প্ৰচাৰক আই আৰ আই বিৰ মতে, পানীৰ তলৰ ড্ৰ’ন ব্যৱহাৰ কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছে, যাৰ ফলত দুয়োখন টেংকাৰ বিস্ফোৰণ ঘটে। ইৰাকৰ ভূখণ্ডৰ জলসীমাৰ বাছৰাৰ সমীপত সংঘটিত হয় এই আক্ৰমণ। জাহাজসমূহ হ’ল-
- Safesea Vishnu (মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকাযুক্ত, আমেৰিকাৰ কোম্পানী ছেফচিয়া ট্ৰেন্সপ’ৰ্ট ইনকৰ্পৰেশ্যনৰ মালিকানাধীন)
- Zefyros (মাল্টীজ পতাকাযুক্ত, গ্ৰীক মালিকানাধীন)
ইৰাণে ইতিমধ্যে হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো জাহাজত অগ্নি সংযোগ কৰিব বুলি সকীয়াই দিয়াৰ পিছতে এই আক্ৰমণ সংঘটিত হৈছে। ইৰানে কয় যে, আমেৰিকা, ইজৰাইল বা তেওঁলোকৰ মিত্ৰ দেশৰ তেল কঢ়িয়াই অনা কোনো জাহাজক ইৰাণে ৰেহাই নিদিয়ে। হৰমুজ জলদ্বীপ হৈছে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল কঢ়িওৱা পথ, ই দৈনিক বিশ্বৰ প্ৰায় ২০% তেল (প্ৰায় ১.৩ কোটি বেৰেল)কঢ়িয়াই লৈ ফুৰে।









