২০২৫ চনত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলাৰ সময়ত মালা বিক্ৰেতা মনালিছাই গভীৰ নীলা চকু দুটাৰ বাবে শিৰোনাম দখল কৰিছিল আৰু শীঘ্ৰে ভাইৰেল MAHAKUMBH GIRL হৈ পৰিছিল। ইফালে মহাকুম্ভ ভাইৰেল চেন্সেশন মনালিছাই ১১ মাৰ্চত নিজৰ মুছলমান প্ৰেমিক ফাৰ্মান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সকলোকে আচৰিত কৰি তোলে।
কেৰালাৰ তিৰুৱনন্তপুৰমৰ সমীপৰ পূৱৰৰ অৰুমানুৰ শ্ৰী নৈনাৰ দেৱ মন্দিৰত বিবাহপাশত আৱদ্ধ হয় মনালিছাই। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত মনালিছাক ৰঙা ৰঙৰ শাৰী পিন্ধা দেখা গৈছে। তিৰুৱনন্তপুৰমৰ অৰুমানুৰ নাইনাৰ মন্দিৰত প্ৰেমিক ফাৰ্মানে কপালত সিন্দুৰ লগাই কপালত মংগলসূত্ৰৰ দৰে সূতা বান্ধি থকা দেখা যায়। অনুষ্ঠানৰ সময়ত দুয়োকে বৰ সুখী যেন লাগে।
খবৰ অনুসৰি মনালিছা মধ্য প্ৰদেশৰ ইন্দোৰৰ আৰু স্বামী ফাৰ্মান মহাৰাষ্ট্ৰৰ। ডেৰ বছৰ ধৰি দুয়োৰে সম্পৰ্ক আছিল। কিন্তু মনালিছাৰ পিতৃ জয় সিং ভোছালেৰ পৰা পৃথক ধৰ্মৰ হোৱা বাবে যথেষ্ট বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হয় মলালিছা আৰু ফাৰ্মানে। ইয়াৰ উপৰিও তেওঁ মনালিছাক হেঁচা প্ৰয়োগ কৰি দূৰৈৰ কোনো আত্মীয়ৰ সৈতে মনালিছাৰ বিবাহ স্থিৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।
মুছলমান প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ মনালিছাই সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয় যে, তেওঁৰ পৰিয়ালে দূৰৈৰ কোনো আত্মীয়ৰ সৈতে তেওঁৰ বিবাহ স্থিৰ কৰিছিল, কিন্তু এই কাৰ্যত তেওঁ কোনোপধ্যে সুখী নাছিল। কিন্তু ফাৰ্মানৰ সৈতে বিবাহত বহি তেওঁ অত্যন্ত সুখী।
শেহতীয়াকৈ মনালিছাই প্ৰথমখন মালয়ালম ছবি “নাগাম্মা”ৰ শ্বুটিং কৰি আছিল। সেইসময়তে তেওঁৰ পিতৃয়ে তেওঁক বলপূৰ্বকভাৱে গৃহ চহৰলৈ লৈ যাবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ পিছতে মনালিছা আৰু ফাৰ্মানে কেৰালাৰ ৰাজধানী থাম্পানুৰ থানালৈ গৈ সুৰক্ষা বিচাৰিছিল। এজাহাৰ দাখিল কৰাৰ পিছত মনালিছা পিতৃক থানালৈ মাতি অনা হয়। আৰক্ষীয়ে পৰিয়ালটোক জনোৱা মতে, যিহেতু মনালিছাৰ বয়স ১৮ বছৰ, সেয়েহে তেওঁ কাৰ সৈতে থাকিব বিচাৰে সেইটো নিৰ্ণয় কৰাৰ আইনী অধিকাৰ আছে।
ইয়াৰ পিছতেই মনালিছাই প্ৰেমিকৰ সৈতে এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয়। কেৰালাৰ কেইবাজনো বিশিষ্ট নেতাই দম্পতীহালক সমৰ্থন কৰিছিল। কেৰেলাৰ শিক্ষামন্ত্ৰী ভি শিৱনকুট্টিকে ধৰি এই বিবাহক “প্ৰকৃত কেৰালাৰ কাহিনী” বুলি অভিহিত কৰিছিল।









