কেদাৰনাথ যাত্ৰা পথত আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীক উদ্ধাৰৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা দেওবাৰেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। এই সময়ছোৱাত ৩৭৩জন লোকক কেদাৰনাথ ধামৰ পৰা লিঞ্চোলিলৈ অনা হয়, য’ৰ পৰা তেওঁলোকক বিমানেৰে নিৰাপদ স্থানলৈ লৈ যোৱা হ’ব।
ইফালে কেদাৰনাথ হেলিপেডতো ৫৭০ জন যাত্ৰী হেলিকপ্টাৰৰ বাবে অপেক্ষা কৰি আছে।
শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া যোগেন্দ্ৰ সিঙে কয় যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আন আন উদ্ধাৰকাৰী দলৰ সৈতে কেদাৰনাথ ত্যাগ কৰা এই ৩৭৩ জন লোকৰ ভিতৰত ভক্ত, স্থানীয় লোক আৰু শ্ৰমিকো আছে। এই লোকসকলক লিঞ্চোলিৰ পৰা হেলিকপ্টাৰেৰে নিৰাপদ স্থানলৈ লৈ যোৱা হ’ব।
সিঙে লগতে কয় যে কেদাৰনাথত আবদ্ধ হৈ থকা সকলো লোককে জিলা প্ৰশাসন, মন্দিৰ সমিতি আৰু তীৰ্থ পুৰোহিত সমাজে খাদ্যৰ পেকেট, পানীৰ বটল আৰু ফলমূলৰ যোগান ধৰিছে।
ইফালে, জানিব পৰা মতে ৰামবাৰা চৌমাছি পথত আৱদ্ধ হৈ থকা পদব্ৰজে যোৱা ১১০ জন যাত্ৰীকো উদ্ধাৰ কৰা হৈছে। এই পথৰ পৰা এতিয়ালৈকে ৫৩৪ জনতকৈ অধিক যাত্ৰী আৰু স্থানীয় লোকক উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে, বুধবাৰে নিশা হোৱা প্ৰবল বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত লিঞ্চোলি, ভীমবালি, ঘোড়াপাড়ৱ, ৰামবাড়াকে ধৰি কেদাৰনাথলৈ যোৱা পথৰ বহু ঠাই পানীয়ে উটুৱাই নিয়াৰ ফলত ভক্তসকল বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছিল।