ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
২০০০- উগাণ্ডাত ডুমছডে কাল্টৰ ২৩০ জন সদস্যই আ*ত্ম*হ*ত্যা কৰে।
২০০৬- ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ পৰিষদ গঠনৰ প্ৰস্তাৱত অনুমোদন জনায়।
২০০৭- উত্তৰ কোৰিয়াই নিজৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাৰ কাম আৰম্ভ কৰে। পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক বব উলমাৰৰ মৃত্যু।
২০০৮- টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাক খৰগপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সন্মানীয় বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। ভাৰতী এণ্টাৰপ্ৰাইজেছৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সুনীল ভাৰতী মিট্টলে সন্মানীয় আমেৰিকান উদ্যোগী একাডেমীত অন্তৰ্ভুক্ত হোৱা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
২০০৮- পাকিস্তান চৰকাৰে বৰ্খাস্ত কৰিলে বিতৰ্কিত আই আৰ বি চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী ইজান শ্বাহক।
২০০৯- কেন্দ্ৰীয় কেবিনেটে মেঘালয়ত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পৰামৰ্শ দিয়ে।
২০১৩- ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ‘পান সিং টোমাৰ’ ২০১২ চনৰ শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত হয়।
২০১৭- যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ ২১ তম মুখ্যমন্ত্ৰী হয়।











