No Result
View All Result
সিংহলী বাহিনীৰ দুৰন্ত স্পিন ঘূৰ্ণীত বিধ্বস্ত হৈ ৰোহিত বাহিনীয়ে স্বীকাৰ কৰে অনাকাংক্ষিত পৰাজয়। ভাৰত বনাম শ্ৰীলংকাৰ মাজত চলি থকা দ্বিপাক্ষিক এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত সহজে আত্মসমৰ্পণ কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই।
দেওবাৰে অনুষ্ঠিত এই তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত স্পিন বলিং বিভাগৰ জোৰতেই আলহী দল ভাৰতক ৩২ ৰাণত পৰাস্ত কৰে শ্ৰীলংকাই। এইদৰে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটোত ১-০ ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে ঘৰুৱা দলটোৱে।
মেচখনত টছত জয়ী হৈ শ্ৰীলংকাৰ অধিনায়ক আছালাংকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই সৰ্বাধিক ৬৪ ৰান কৰাৰ লগতে অক্ষৰ পেটেলে ৪৪ ৰান আৰু শুভমন গীলে ৩৫ ৰান সংগ্ৰহ কৰে।
আনহাতে নিৰ্ভৰযোগ্য খেলুৱৈ বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলে সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। শ্ৰীলংকাই ভাৰতক ২৪১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে ২০৮ ৰানতে আটাইকেটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। এই জয়েৰে শ্ৰীলংকাই তিনিখনীয়া মেচৰ শৃংখলাটোত ১-০ অগ্ৰগতি লাভ কৰে।
ইতিপূৰ্বে, শৃংখলাৰ প্ৰথমখন মেচ ড্ৰ ৰূপে সামৰণি পৰিছিল। গতিকে অহা ৭ আগষ্টত অনুষ্ঠিত হ’ব লগা মেচখনেই হ’ব শৃংখলাৰ নিৰ্ণায়ক তথা অন্তিম মেচ।
লক্ষণীয়ভাৱে, ১৯৯৭ চনতেই শ্ৰীলংকাই ভাৰতক দ্বিপাক্ষিক এদিনীয়া শৃংখলাত ভাৰতক পৰাস্ত কৰিছিল।যদিহে ৭ আগষ্টৰ নিৰ্ণায়ক মেচখনতো ভাৰত পৰাস্ত হয়, তেতিয়াহলে ভাৰতীয় দলে সুদীৰ্ঘ ২৭ বছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত পৰাজয়বৰণ কৰিব লগা হ’ব।
No Result
View All Result