ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৬৯- আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আইজেনহাৱাৰৰ মৃত্যু হয়।
২০০০- ৱেষ্ট ইণ্ডিজৰ কৰ্টনী ৱালছে ৪৩৫টা উইকেট দখল কৰি কপিল দেৱৰ অভিলেখ ভংগ কৰে।
২০০৫- ইণ্ডোনেছিয়াৰ সুমাট্ৰা দ্বীপত এক প্ৰবল ভূমিকম্পৰ ফলত ব্যাপক ধ্বংসলীলা হয়।
২০০৬- পাকিস্তানৰ পেছাৱৰত থকা আমেৰিকাই কনছুলেট বন্ধ কৰে।
২০০৭- আমেৰিকাৰ চেনেটে ইৰাকৰ পৰা সৈন্য প্ৰত্যাহাৰৰ বাবে অনুমোদন জনায়।
২০০৮- কেন্দ্ৰীয় চৰকাৰে চল্লিশটা সামগ্ৰীৰ ৰপ্তানি নিষেধাজ্ঞাৰ অন্ত পৰাৰ কথা ঘোষণা কৰে।
২০১১- দেশত বাঘৰ সংখ্যা বৃদ্ধি। ২০০৬ চনত এই সংখ্যা আছিল ১৪১১, যিটো এতিয়া ২১ শতাংশ বৃদ্ধি পাই ১৭০৬ জন হৈছে।
২০১৫- বিশ্বৰ এক নম্বৰ মহিলা বেডমিণ্টন খেলুৱৈ হিচাপে পৰিগণিত হয় ছাইনা নেহৱাল।












