সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
নিৰ্বাচনী প্ৰচাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কলিয়াবৰত অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাব শ্বাহে। ৩ এপ্ৰিলত গোলকগঞ্জ, দুধনৈ, পলাশবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়। লগতে আজি আহিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।পলাশবাৰী আৰু মধ্য গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাব গাডকাৰীয়ে। পলাশবাৰীৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ আৰু মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তাৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
আজিৰে পৰা দুদিনীয়াকৈ অসমত প্ৰচাৰ চলাব AIMIMৰ নেতা আছাদুদ্দিন ওৱেছিয়ে। AIUDFৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেছিয়ে।
আজি পাঁচখনকৈ নিৰ্বাচনী সভাত অংশ ল’ব ওৱেছিয়ে। পাকাবেতবাৰী, দলগাঁও, ধিং, লাহৰীঘাট সমষ্টিত চলাব প্ৰচাৰ। ৰূপহীহাট, চামগুৰি আৰু বিন্নাকান্দিতো আজি ওৱেছিৰ সভা। কাইলৈ গোৱালপাৰা পূব, ধুবুৰী, চেঙা আৰু মন্দিয়াত প্ৰচাৰ চলাব ওৱেছিয়ে।
তেলেংগানাৰ নিৰামিষভোজীৰ বাবে বেয়া খবৰ। ৰাজ্যজুৰি কুকুৰা বিক্ৰেতাসকলে লাভ হ্ৰাস আৰু ব্যয় বৃদ্ধিৰ প্ৰতিবাদত ১ এপ্ৰিলৰ পৰা দোকান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। যাৰ ফলত বজাৰসমূহত কুকুৰাৰ তীব্ৰ নাটনি হৈছে। তেলেংগানা ষ্টেট চিকেন শ্বপ অনাৰ্ছ এছ’চিয়েশ্যনৰ আহ্বানৰ পিছতে সমগ্ৰ ৰাজ্যখনৰ কুকুৰা বিক্ৰেতাসকলে “মহাধৰণ”ৰ অংশ হিচাপে ধৰ্মঘট কৰিছে। বিক্ৰেতাসকলে কয় যে হাঁহ-কুকুৰা কোম্পানীসমূহে আগবঢ়োৱা কম মাৰ্জিনে তেওঁলোকৰ ব্যৱসায় বিপজ্জনক কৰি তুলিছে, যাৰ ফলত বৰ্তমানৰ পৰিস্থিতিত চলাচল কৰাটো কঠিন হৈ পৰিছে।
আমেৰিকাৰ কোম্পানীৰ বিৰুদ্ধে ইৰানৰ এক্সন। Amazonৰ বিশাল কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। বাহৰেইনৰ Amazonৰ ডাটা চেণ্টাৰ আক্ৰমণৰ খবৰ পোৱা গৈছে। পৰোক্ষভাৱে Amazonৰ ডাটা চেণ্টাৰত আক্ৰমণ কৰে ইৰাণে। ইয়াৰোপৰি আমেৰিকাৰ ১৮ টা টেক কোম্পানীত আক্ৰমণ কৰাৰ হুংকাৰ ইৰাণৰ।
ইণ্ডোনেছিয়াত ৭.৪ ৰিখতাৰ স্কেলৰ এক প্ৰবল ভূমিকম্পৰ হয়। এই ভূমিকম্পৰ পিছত ছুনামীৰ সতৰ্কবাণীও জাৰি কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি পুৱা প্ৰায় ৬:৪৮ বজাত (স্থানীয় সময় অনুসৰি) ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ইয়াৰ কেন্দ্ৰবিন্দু মলুকা সাগৰ অঞ্চলত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাৰম্ভিক প্ৰতিবেদনত ইয়াৰ তীব্ৰতা ৭.৮ বুলি উল্লেখ কৰা হৈছে, যিটো পিছলৈ ৭.৪ লৈ হ্ৰাস কৰা হৈছিল।











