No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। বৰপেটা আৰু বৰচলাত প্ৰচাৰ চলাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আজি অসমলৈ আহিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডা। নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈ আৰু টিংখাঙত বিমল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব নেতাগৰাকীয়ে। লগতে অংশগ্ৰহণ কৰিব ২খনকৈ বিশাল নিৰ্বাচনী সভাত।
- হোজাইত মিঞাৰ সমৰ্থনত উদ্দাত্ত ভাষণ আছাদুদ্দিন ওৱেছিৰ। আল্লাহু আকবৰ, নাৰা-এ-তকবিৰ ধ্বনি দি অসমত প্ৰচাৰ ওৱেছিৰ। তেওঁ কয় যে, যেতিয়াই বিপদ আহিব মছজিদৰ পৰা ওলাই আহি মুছলমানে ক’ব, লা-ইলাহা-ইল্লালাহা। মিঞা জীয়াই থাকিলেহে বিশ্ব জীয়াই থাকিব বুলি কৈ ওৱেছিয়ে দিয়ে মিঞা জিন্দাবাদ ধ্বনি।
- নিশা পাকিস্তানত আফগানিস্তানৰ এয়াৰ ষ্ট্ৰাইক। পাকিস্তান-আফগানিস্তাৰ সীমান্তৰ পাক ঘাটিত সেনাই চলায় আক্ৰমণ। এই এয়াৰ ষ্ট্ৰাইকত নিহত পাকিস্তানৰ ৩ সেনা জোৱান। আহত ১২ জনকৈ পাকিস্তানৰ সেনা জোৱান।
- হাৰিয়ানাৰ শোনিপাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পঞ্জাৱৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু তেওঁৰ চালকৰ প্ৰাণহানি হয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা খুছবাজ জাটানে শোনিপাটৰ মাজেৰে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’ত গৈ থকা অৱস্থাত তেওঁৰ গাড়ীখন জাখোলি টোলত তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে। শোনিপাট আৰক্ষীয়ে বৰ্তমান দুৰ্ঘটনাটোৰ তদন্ত কৰি আছে।
- আমেৰিকাৰ টেক কোম্পানীত আক্ৰমণ আৰম্ভ কৰিলে ইৰাণে।ডুবাইৰ অৰেকল ডাটা চেন্টাৰত আক্ৰমণ ইৰাণৰ। ইজৰাইলতো ভয়ংকৰ মিছাইল আক্ৰমণ চলায় ইৰাণে। এই আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱা বুলি খবৰ পোৱা যায়। গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।ইৰাণৰ মিছাইল তেল আভিভৰ পূব দিশৰ ৰমাত গানৰ এটা অট্টালিকাত পৰে।ইফালে ইৰানৰ ইছফাহান চহৰত আমেৰিকা-ইজৰাইলেও চলাইছে ভয়ংকৰ আক্ৰমণ।
No Result
View All Result